নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় লজিষ্টিক নীতি মুকলি কৰে। আঁচনিখনৰ লক্ষ্য হৈছে লজিষ্টিক ব্যয় হ্ৰাস কৰা আৰু আমদানিকৰ্তা আৰু ৰপ্তানিকৰ্তাসকলক প্ৰভাৱিত কৰা প্ৰত্যাহ্বানৰ মোকাবিলা কৰা।
ছিংগাপুৰ বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে অন্যান্য উন্নত দেশৰ তুলনাত ভাৰতৰ লজিষ্টিক ব্যয় যথেষ্ট বেছি, আঁচনিখনৰ লক্ষ্য হৈছে অহা পাঁচ বছৰৰ ভিতৰত লজিষ্টিক ব্যয়, ১৪-১৫ শতাংশৰ পৰা প্ৰায় 8 শতাংশলৈ হ্ৰাস কৰা।
আঁচনিখনে warehousing আৰু cold chain efficiency উন্নত কৰি পচনশীল সামগ্ৰী পৰিবহন কৰাৰ সময়ত হোৱা লোকচান সীমিত কৰিব বিচাৰে। বৰ্তমান ভাৰতৰ কৃষি উৎপাদনৰ প্ৰায় ১৬শতাংশ উৎপাদনৰ বিভিন্ন পৰ্যায়ত অপচয়।
ৰাষ্ট্ৰীয় লজিষ্টিক নীতিয়ে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি এটা ডাটা এনালিটিক্স কেন্দ্ৰ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিব যিয়ে অধিক স্বচ্ছতা আৰু মুখ্য লজিষ্টিক মেট্ৰিকৰ নিৰন্তৰ নিৰীক্ষণ আনিব পাৰে। নতুন নীতিয়ে বিভিন্ন মন্ত্ৰাণালয় আৰু সংস্থাৰ মাজত কেন্দ্ৰীয় পৰ্যায়ত একত্ৰীকৰণ বৃদ্ধি কৰাত সহায় কৰিব পাৰে।
লজিষ্টিক খণ্ডটো বিভিন্ন মন্ত্ৰণালয় যেনে পথ পৰিবহণ আৰু ঘাইপথ, জাহাজ, ৰেল, আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ৰ লগতে কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ দৰে বিভিন্ন সংস্থাৰ দ্বাৰা পৰিচালিত হয়।হ্ৰাস হোৱা লজিষ্টিক ব্যয়ে দক্ষতা উন্নত কৰাত আৰু অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰত কৰ্তন কৰাৰ লগতে মূল্য সংযোজন হোৱাত সহায় কৰিব।
ৰাষ্ট্ৰীয় লজিষ্টিক নীতিয়ে এক প্ৰকাৰে চালিকা শক্তি হিচাপে কাম কৰে। ভাৰতীয় বন্দৰসমূহৰ মুঠ বহন ক্ষমতা বহু পৰিমাণে বৃদ্ধি পাইছে। কণ্টেইনাৰ জাহাজৰ অহা-যোৱাৰ সময় ৪৪ ঘণ্টাৰ পৰা ২৬ ঘণ্টালৈ হ্ৰাস পাইছে। জলপথৰ জৰিয়তে আমি পৰিৱেশ অনুকূল আৰু কম খৰচী পৰিবহণ কৰিব পাৰো, ইয়াৰ বাবে দেশত বহুতো নতুন জলপথো নিৰ্মাণ কৰা হৈছে। ৰপ্তানিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ দেশত প্ৰায় ৪০টা এয়াৰ কাৰ্গো টাৰ্মিনেলো নিৰ্মাণ কৰা হৈছে। ৩০টা বিমানবন্দৰত কল্ড ষ্ট’ৰেজৰ ব্যৱস্থা কৰা হৈছে।
সমগ্ৰ দেশতে ৩৫টা মাল্টিম’ডেল লজিষ্টিক হাবো স্থাপন কৰা হৈছে। কোৰোনা সংকটৰ সময়ত দেশত কিষাণ ৰে’ল আৰু কৃষি উড়ানৰ ব্যৱহাৰো আৰম্ভ হৈছিল৷ দেশৰ দূৰ্গম অঞ্চলৰ পৰা মূল বজাৰলৈ কৃষি উৎপাদিত সামগ্ৰী পৰিবহণ কৰাত এইবোৰে যথেষ্ট সহায় কৰিছিল। কৃষি উড়ানে কৃষকৰ উৎপাদিত সামগ্ৰী বিদেশলৈ লৈ গৈছিল। কৃষি উড়ানৰ সুবিধা দেশৰ প্ৰায় ৬০টা বিমানবন্দৰত আছে৷ আন্তঃগাঁথনি প্ৰকল্পসমূহত লাখ লাখ কোটি টকা বিনিয়োগ কৰাৰ সমান্তৰালভাৱে চৰকাৰে প্ৰযুক্তিৰ সহায়ত লজিষ্টিক খণ্ডটোও শক্তিশালী কৰাৰ চেষ্টা কৰিছে। ই-সঞ্চিতৰ জৰিয়তে কাগজবিহীন এক্সিম বাণিজ্যিক প্ৰক্ৰিয়াই হওক, শুল্কৰ অজ্ঞাত মূল্যায়নেই হওক বা ই-ৱে বিল আৰু ফাষ্টেগৰ ব্যৱস্থাই হওক, এই সকলোবোৰে লজিষ্টিক খণ্ডৰ কাৰ্যক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰিছে।
লগতে পাহাৰীয়া অঞ্চলত ড্ৰোনে আমাক পূৰ্বতে ঔষধ কঢ়িয়াই নিয়াত, ভেকচিন কঢ়িয়াই নিয়াত বহুত সহায় কৰিছে। পৰিবহণ খণ্ডত ড্ৰোনৰ ব্যৱহাৰে লজিষ্টিক খণ্ডৰ বাবে অতি সহায়ক হ’ব।
এই পৰিৱৰ্তনে অভূতপূৰ্ব ফলাফল আনিছে। ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ জৰিয়তে আৰু দুটা ডাঙৰ প্ৰত্যাহ্বানৰ সমাধান কৰা হৈছে। যিমানেই ঠাইত নহওক কিয়, এজন নিৰ্মাতাই নিজৰ কামৰ বাবে বিভিন্ন জিলাত বিভিন্ন অনুজ্ঞাপত্ৰ ল’বলগীয়া হয়। ৰপ্তানিকাৰকসকলেও এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। তেওঁলোকৰ সামগ্ৰী অনুসৰণ আৰু অনুসন্ধান কৰিবলৈ ৰপ্তানিকাৰকসকলে এক্সপ’ৰ্টাৰ্ছ শ্বিপিং বিল নং, ৰে’লৱে কনচাইনমেণ্ট নং, ই-ৱে বিল নং ইত্যাদি যোগ কৰিব লাগে। কিন্তু এতিয়া ৰপ্তানিকাৰকসকলে এই দীঘলীয়া প্ৰক্ৰিয়াৰ পৰা মুক্তি পাব।
ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ অধীনত ইজ অৱ লজিষ্টিকছ চাৰ্ভিচেছ-ই-লগছ নামৰ এটা ডিজিটেল প্লেটফৰ্মো আৰম্ভ কৰা হৈছে। এই প’ৰ্টেলৰ জৰিয়তে উদ্যোগ সংস্থাসমূহে এনেধৰণৰ যিকোনো বিষয় পোনপটীয়াকৈ চৰকাৰী সংস্থাটোৰ সৈতে ল’ব পাৰিব।
গতিশক্তি আৰু ৰাষ্ট্ৰীয় লজিষ্টিক নীতিয়ে মিলি দেশক এক নতুন কৰ্ম সংস্কৃতিৰ দিশে লৈ গৈছে। ৰাষ্ট্ৰীয় লজিষ্টিক নীতিয়ে দেশলৈ প্ৰতিটো ক্ষেত্ৰতে এক নতুন গতি কঢ়িয়াই অনাত সহায় কৰিব৷ এতিয়াৰে পৰা ভাৰতৰ লজিষ্টিক খণ্ডৰ লগত হোৱা জটিলতাৰ অন্ত পৰিব। এই খণ্ডই এতিয়া দেশৰ সফলতাক নতুন উচ্চতালৈ লৈ যাব। ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ আন্তঃগাঁথনিৰ বিকাশ, ব্যৱসায় সম্প্ৰসাৰণ আৰু নিয়োগৰ সুযোগ বৃদ্ধিৰ অপৰিসীম সম্ভাৱনা আছে।