নিউজ ডেস্কঃ দেশত বৰ্তমান নতুনকৈ নিৰ্মাণ হৈ আছে সংসদ ভৱন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সন্ধিয়া নতুন নিৰ্মাণ হৈ থকা সংসদ ভৱনৰ পৰিদৰ্শন কৰে। তাত তেওঁ ভৱনটো পৰিদৰ্শন কৰিবলৈ এঘণ্টাতকৈও অধিক সময় অতিবাহিত কৰে।

ভৱনটো পৰিদৰ্শন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দুয়োখন সদনতে প্ৰস্তুত কৰা সুবিধাসমূহৰ বিষয়ে বুজ লয়। লগতে, নিৰ্মাণত নিয়োজিত শ্ৰমিকসকলৰ সৈতেও বাৰ্তালাপ কৰি কামৰ বুজ লৈ। প্ৰধানমন্ত্ৰী মোদীয়ে সংসদ ভৱনৰ পৰিদৰ্শনৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাও লগত উপস্থিত আছিল।

কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত কেন্দ্ৰীয় ভিষ্টা পুনৰ্বিকাশ প্ৰকল্প আৰম্ভ কৰিছিল। য’ত লোকসভা আৰু ৰাজ্যসভাৰ নতুন সংসদ নিৰ্মাণো অন্তৰ্ভুক্ত আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ ডিচেম্বৰত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল আৰু এই সমগ্ৰ প্ৰকল্পটোৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০,০০০ কোটি টকাৰ অনুমোদন দিছিল।   

বৰ্তমানৰ সংসদ ভৱনৰ কাষতেই নতুন সংসদ ভৱনটো নিৰ্মাণ কৰি থকা হৈছে। যিটো ১৩ একৰ মাটিত ত্ৰিভুজাকৃতিৰ আৰ্হিত চাৰিমহলীয়া অট্টালিকা হিচাপে নিৰ্মাণ কৰি থকা হৈছে। নতুকৈ নিৰ্মিত সংসদ ভৱনটো ৰাষ্ট্ৰপতি ভৱনৰ পৰা মাত্ৰ অলপ দূৰত্বত।

প্ৰকল্পটো প্ৰথমে ৭৫ তম স্বাধীনতা দিৱসৰ আগতে সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছিল। কিন্তু পিছলৈ ইয়াৰ সময়সীমা পিছত বৃদ্ধি কৰা হয়। ।

বৰ্তমানৰ সংসদ ভৱনটো ৯৫ বছৰ আগতে ১৯২৭ চনত নিৰ্মাণ কৰা হৈছিল। ২০২০ চনৰ মাৰ্চ মাহত, কেন্দ্ৰীয় চৰকাৰে সংসদত কৈছিল যে পুৰণি ভৱনটো অত্যাধিক ব্যৱহৃত হৈছে আৰু ইয়াৰ অধিক ব্যৱহাৰৰ ফলত পৰ্যায় ক্ৰমে ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ হৈছে।

ইয়াৰ লগতে, লোকসভা আসনৰ নতুন সীমানিৰ্ধাৰণৰ পিছত বৃদ্ধি পাবলগীয়া আসন সমূহৰ বাবে সাংসদসকলে বহিবলৈ পুৰণি ভৱনটোত পৰ্যাপ্ত স্থান নাই। সেইকাৰণে এটা নতুন ভৱন নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়।

আপুনি জানেনে যে নতুন সংসদ ভৱন দুটাত কি কি বিশেষত্ব আছে? যদি এতিয়াও নাজানে তেতিয়া হ’লে জাঁনো আহত –

১. বৰ্তমান, লোকসভাত ৫৯০ জন লোকৰ আসন ক্ষমতা আছে। নতুন লোকসভাত ৮৮৮ খন আসন থাকিব আৰু দৰ্শনাৰ্থী গেলেৰীত ৩৩৬ জনৰো অধিক লোকৰ আসন ৰখাৰ ক্ষমতা থাকিব।

২. বৰ্তমান, ৰাজ্যসভাত আসন ৰখাৰ ক্ষমতা ২৮০। নতুন ৰাজ্যসভাত ৩৮৪ খন আসন থাকিব আৰু দৰ্শনাৰ্থী গেলেৰীত ৩৩৬ খনতকৈ অধিক আসন থাকিব।

৩. লোকসভাত ইমান ঠাই থাকিব যে দুয়োখন সদনৰ যুটীয়া অধিৱেশনত ১২৭২ জনতকৈও অধিক সাংসদে লোকসভাত একেলগে বহিব পাৰিব।

৪. সংসদৰ প্ৰতিটো গুৰুত্বপূৰ্ণ কাৰ্যৰ বাবে পৃথক কাৰ্যালয় থাকিব। বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে হাই-টেক কাৰ্যালয়ৰ সুবিধা থাকিব।

৫. কেফে আৰু ডাইনিং এলেকাও হাই-টেক হ’ব। সমিতিৰ বৈঠকৰ বিভিন্ন কোঠা বোৰ হাই-টেক সঁজুলিৰে নিৰ্মিত হ’ব।

৬. লগতে সাধাৰণ কোঠা, মহিলাৰ বাবে লাউঞ্জ আৰু ভিআইপি লাউঞ্জৰ ব্যৱস্থা থাকিব।

নতুন সংসদ ভৱনৰ কাম প্ৰায়ে শেষ হৈছে। ইয়াৰ সম্পূৰ্ণ হোৱাৰ পিছতেই শাস্ত্ৰী ভৱন, উদ্যোগ ভৱন, ৰে’ল ভৱন, বিজ্ঞান ভৱন আৰু ৰাজপথৰ কাষত থকা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংগ্ৰহালয় এক স্মৃতিৰ অংশ হৈ পৰিব ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় ভিষ্টা পুনৰ্বিকাশ প্ৰকল্পৰ অধীনত কেৱল সংসদ ভৱনৰ নিৰ্মাণ কামেই নহয় ইয়াৰ অধীনত নিৰ্মাণ হ’ব আৰু বহু কেইটা প্ৰকল্প। তাৰে ভিতৰত আছে, মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ বাবে কেন্দ্ৰীয় সচিবালয়, ১৫ একৰ মাটিত প্ৰধানমন্ত্ৰীৰ বাসগৃহ, উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ, প্ৰধানমন্ত্ৰী সদন, পিএমঅ’, উপ-ৰাষ্ট্ৰপতিৰ সদন, এক উমৈহতীয়া কেন্দ্ৰীয় সচিবালয় নিৰ্মাণৰ লগতে আৰু বহু কেইটা জাকত জিলিকা প্ৰকল্প।

লগতে পঢ়ক – বিদ্যুৎ মাচুলৰ ফিক্সড চার্জ ১০ টকাকৈ বৃদ্ধি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply