ৰাচিয়াৰ শেহতীয়া ঘটনাৰাজীক লৈ আজি প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো’ বাইডেন ,অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন, জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল আলোচনা কৰিব।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাচিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছত দ্বিতীয় বাৰৰ বাবে আলোচনা হৈছে। ভাৰতৰ ফালৰ পৰা ভাৰতীয়সকলক সুকলমে যুদ্ধ বিধস্ত অঞ্চলৰ পৰা উলিয়াই অনাত ৰাচিয়াৰ সহযোগ বিচাৰিছে।

ৰাচিয়াৰ উচ্চায়ুক্ত ডেনিছ এলিপ’ভে নতুনদিল্লীত জানিবলৈ দিয়া মতে ৰাচিয়াই ভাৰতীয় সকলক উদ্ধাৰ কৰিবৰ বাবে সকলো ব্যবস্থা কৰিছে। খাৰ্কিভ, ছুমি সহ যুদ্ধ বিধস্ত অঞ্চল সমূহৰ পৰা ভাৰতীয়সকলক বিশেষ ক’ৰিড’ৰৰ মাজেৰে অনাৰ ব্যবস্থা কৰিব ৰাচিয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply