নিউজ ডেস্কঃ তিনিদিনীয়া কাৰ্যসূচীৰে তিনিখনকৈ ৰাষ্ট্ৰৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২ মে’ৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্সলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী।
এই সময়চোৱাত তেওঁ ২৫টাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এই তিনিওখন দেশত প্ৰায় ৬৫ ঘন্টা সময় অতিবাহিত কৰিব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, প্ৰধানমন্ত্ৰী মোডীয়ে ৭খন দেশৰ ৮ গৰাকী প্ৰতিনিধিৰ সৈতে দ্বিপক্ষীয় বৈঠকত মিলিত হ’ব।
তদুপৰি প্ৰায় ৫০ গৰাকী উদ্যোগপতিৰ সৈতে আলোচনাত বহিব। উল্লেখ্য যে, চলিত বৰ্ষত প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ কাৰ্যসূচী। জানিব পৰা মতে, প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথম জাৰ্মানীত উপস্থিত হ’ব।
তাৰপাছত ডেনমাৰ্ক আৰু ৪ মে’ত উভতি অহা সময়তে ফ্ৰান্সত উপস্থিত হ’ব। মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰী সেই সময়ত বিদেশ ভ্ৰমণলৈ যাব, যি সময়ত ইউক্ৰেইনবাসীৰ ওপৰত শংকত অহাৰ লগতে ৰাছিয়াৰ বিৰুদ্ধে প্ৰায় সকলো ইউৰোপিয়ান ৰাষ্ট্ৰ থিয় দিছে।