নিউজ ডেস্কঃ ক্ৰমান্বয়ে দেশত বৃদ্ধি পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে কোভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰী মোডীয়ে এই বৈঠকত কয় যে- ‘এয়া স্পষ্ট যে কোৰোনাৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ সম্পূৰ্ণ ৰূপে মাৰ যোৱা নাই। অমিক্ৰ’ন আৰু আনবোৰ কোৰোনাৰ ভেৰিয়েন্টে যিকোনো ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিব পাৰে। যোৱা কিছু মাহত এই ভেৰিয়েন্টসমূহত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। অৱশ্যে বহু কেইখন ৰাষ্ট্ৰৰ তুলনাত ভাৰতৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে।’

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয়- ‘দুই বছৰত কোৰোনা সন্দৰ্ভত এয়া আমাৰ ২৪ সংখ্যক বৈঠক। কোৰোনাকালত যিধৰণে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কাম কৰিলে, আৰু যিসকলে কোৰোনা বিৰোধী যুঁজত বিশেষ ভূমিকা পালন কৰিছে সকলোকে মই ধন্যবাদ জনাইছো।’

‘যোৱা দুসপ্তাহত কোৰোনাৰ সংক্ৰমণ যি হাৰত বৃদ্ধি পাবলৈ ধৰিছে, তাৰ প্ৰতি দৃষ্টি ৰাখি আমি সতৰ্ক থাকিব লাগিব’ বুলি উল্লেখ কৰি বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়- ‘বৰ্তমানলৈ ভাৰতত ৯৬ শতাংশ লোকক কোভিড ভেকচিনৰ প্ৰথমটো ড’জ প্ৰদান কৰা হৈছে। আৰু ১৫ বছৰৰ উৰ্ধৰ ৮৫ শতাংশ নাগৰিকক দ্বিতীয় ড’জ দিয়া হৈছে।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply