নিউজ ডেস্কঃ ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ আৰু ভাৰতৰ নিৰাপত্তা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এক উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰ। লগতে এনএছএ অজিত ডোভাল আৰু বহু কেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে এই বৈঠকত।

বৃহস্পতিবাৰে ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত ৪খন ৰাজ্যত বিজেপি জয়ী হোৱাৰ কথা উল্লেখ কৰি এই বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে- ‘ভাৰতৰ প্ৰয়োজনীয়তা ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন দেশৰ সৈতে জড়িত হৈ আছে। কিন্তু ভাৰত শান্তিৰ পক্ষত আছে। আশা কৰিছো সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান হ’ব।’

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা ভাৰতে দুয়োখন দেশৰ সৈতে আলোচনা কৰি সুৰক্ষিতভাৱে ভাৰতীয় নাগৰিকৰ সকলে বহু ৰাষ্ট্ৰৰ নাগৰিকক ইউক্ৰেইনৰ পৰা বাহিৰলৈ আনিবলৈ সক্ষম হৈছে। আৰু এই উদ্ধাৰ অভিযানৰ নাম ৰখা হৈছে অপাৰেশ্যন গংগা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply