নিউজ ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এখন ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত কোৱা হৈছে যে, কেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক স্বদেশলৈ ঘূৰাই অনাৰ বাবে দিনে-নিশাই কাম কৰি গৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ফটোখনত দেখা গৈছে যে- আনবোৰ দেশৰ নাগৰিকে নিজৰ দেশৰ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীক সহায়ৰ বাবে অনুৰোধ জনাইছে। কিন্তু তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোডীয়ে এখন দলংৰ দৰে থিয় হৈ ভাৰতীয় সকলক ইউক্ৰেইনৰ পৰা ভাৰতলৈ ঘূৰাই অনাৰ বাবে কাম কৰি গৈছে।

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলে শ্বেয়াৰ কৰা ফটোখনৰ এফালে ইউক্ৰেইন মাজত এখন নদী আৰু আনটো পাৰে ক্ৰমে ভাৰত, চীন, পাকিস্তান, আমেৰিকাকে ধৰি বহু কেইখন দেশ আছে। ইউক্ৰেইনত আৱদ্ধ হৈ থকা এই সকল নাগৰিকে নিজৰ নিজৰ দেশৰ নেতাসকলক হাত মেলি সহায়ৰ বাবে অনুৰোধ জনাইছে, কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়েহে এই ক্ষেত্ৰত আগবাঢ়ি কাম কৰা দেখা গৈছে।

ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমনৰ পাছত ইউক্ৰেইনত আৱদ্ধ বিভিন্ন দেশৰ নাগৰিকসকল তাৰ পৰা নিজ নিজ দেশলৈ উভতি যাবলৈ বিচাৰিছে। কিন্তু এই ক্ষেত্ৰত ভাৰত চৰকাৰে পাৰ্যমানে কাম কৰি আছে। বিমান, ৰেল, হেল্প লাইন নম্বৰ সকলো ধৰণে ভাৰত চৰকাৰে ইউক্ৰেইনত আৱদ্ধ এই সকল ভাৰতীয় নাগৰিকক সহায় কৰি গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply