নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ১০ লাখ লোকৰ বাবে কৰ্মসংস্থাপন অভিযানৰ শুভাৰম্ভ কৰি কয় যে- নিবনুৱা সমস্যা আৰু স্বাৱলম্বীতাৰ এই ১০০ বছৰীয়া সমস্যাটো ১০০ দিনৰ ভিতৰতে সমাধান কৰিব নোৱাৰি। 

লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে- চৰকাৰে পৰ্যটনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে কিয়নো এই ক্ষেত্ৰখনে নিবনুৱা সমস্যা সমাধান কৰাত সহায় কৰিব। কোভিড মহামাৰীৰ সময়চোৱাত এমএছএমই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে ৩ লাখ কোটি টকাৰো অধিক ধনৰ সহায়েৰে প্ৰায় ডেৰ কোটি চাকৰিৰ সংকট আঁতৰাবলৈ সক্ষম হৈছে।

ইফালে, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে- দেশৰ নিবনুৱা যুৱক-যুৱতীসকলক চাকৰি প্ৰদান কৰা আৰু দেশবাসীৰ কল্যাণ সুনিশ্চিত কৰাৰ দিশত প্ৰধানমন্ত্ৰী মোডীয়ে বহু কেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply