নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীেয় বুধবাৰে ভিডিঅ কনফাৰেন্সযোগে কলকাতাত উদ্বোধন কৰিব ‘বিপ্লৱী ভাৰত গেলাৰী’। মঙলবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে- নতুন গেলাৰীটোৰ উদ্দেশ্য হৈছে ১৯৪৭চনত ভাৰতক স্বাধীনতা প্ৰদানৰ ক্ষেত্ৰত নেতৃত্ব দিয়া ঘটনা আৰু সেই মহান বীৰ শ্বহীদসকলৰ ভূমিকাক সকলোৰে আগত দাঙি ধৰা।
শ্বহীদ দিৱস উপলক্ষে ২৩ মাৰ্চৰ সন্ধিয়া ৬ বজাত ভিডিঅ কনফাৰেন্সযোগে কলকাতাৰ ভিক্টোৰিয়া মেমৰিয়েল হলত এই ‘বিপ্লৱী ভাৰত গেলাৰী’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, এই বিশেষ গেলাৰীটোৰ দ্বাৰা স্বাধীনতা আন্দোলনৰ জন্ম, আন্দোলনকাৰী সকলৰ দ্বাৰা গঠিত সংগঠনসমূহ, আন্দোলনৰ প্ৰসাৰ, ভাৰতীয় ৰাষ্ট্ৰীয় সেনা গঠন আৰু আন্দোলনকাৰীসকলৰ ভূমিকাক প্ৰদৰ্শন কৰা।