নিউজ ডেস্কঃ এতিয়াৰে পৰা বাৰাণসীত গংগাত স্নান কৰি পুণ্য অৰ্জনৰ লগে লগে চুইমিং পুলত সাঁতোৰাৰ মজাও ল’ব পাৰিব ভক্তসকলে। উত্তৰপ্ৰদেশৰ তীৰ্থনগৰী বাৰাণসীত গংগাৰ এটি ঘাটত নিৰ্মাণ কৰা হৈছে উপঙি থকা চুইমিং পুল। অহা সপ্তাহত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ‘হাইটেক’ ঘাটৰ উদ্ধোধন কৰিব।
প্ৰতি বছৰে বাৰাণসীৰ ঘাটত গংগা স্নানৰ সময়ত ভক্তসকলে প্ৰায়ে দুৰ্ঘটনাত পতিত হয়। বাৰাণসী প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে নমো ঘাটত চুইমিং পুলৰ আৰ্হিত নিৰ্মাণ কৰা এই ব্যৱস্থাই গংগা স্নানৰ ক্ষেত্ৰত সুৰক্ষিত কৰি তুলিব। প্ৰায় ২কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ফ্লোটিং চুইমিং পুলত দুটা স্নান কুণ্ড থাকিব। যিটো প্ৰায় চাৰিৰ পৰা পাঁচ ফুট গভীৰ হ’ব। ইয়াৰ তলত ষ্টীলৰ জাল লগোৱা থাকিব। গঙ্গাৰ বিশুদ্ধ পানী এই জালৰ মাজেৰে ইয়ালৈ আহি থাকিব। যোগী আদিত্যনাথ চৰকাৰে দাবী কৰিছে যে অদূৰ ভৱিষ্যতে নমো ঘাট এখন জনপ্ৰিয় পৰ্যটনস্থলী হৈ পৰিব।
পৰ্যটকৰ সুবিধাৰ বাবে এই ঘাটটোত ক্ৰুজ আৰু অন্য নাৱৰ ব্যৱস্থায়ো থাকিব। পৰ্যটকসকলে ক্ৰুজ অথবা নাৱেৰে গংগাৰ নৈসৰ্গিক সৌন্দৰ্য্যও উপভোগ কৰিব পাৰিব। কোনো দুৰ্ঘটনাত পতিত হ’লে দুৰ্ঘটনাৰ পৰা উদ্ধাৰ কৰিবলৈ বিশেষ নাৱৰ ব্যৱস্থাও থাকিব।