নিউজ ডেস্কঃ আজিৰে পৰা বিজয় চক আৰু ইণ্ডিয়া গেট ৰাজপথসংযোগী পথটোৰ নাম সলনি কৰা হ’ব। প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰাজপথক নামাকৰণ কৰা হৈছে ‘Kartavya Path’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৭ বজাত পথটোৰ শুভ উদ্বোধন কৰিব। ইয়াৰ উপৰিও ইণ্ডিয়া গেটত স্থাপন কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিও উন্মোচন কৰা হ’ব। মূৰ্তিটো গ্ৰেনাইটেৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ আগতে, নেতাজীৰ হলোগ্ৰাম ইণ্ডিয়া গেটত স্থাপন কৰা হৈছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে আজি চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত পুনৰ নিৰ্মাণ কৰা নতুন ঘাইপথ উদ্বোধন কৰিব। অৰুণ যোগীৰাজে নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তিটো ২৮ ফুট ওখ। মূৰ্তিটো গ্ৰেনাইটেৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ ওজন ৬৫ মেট্ৰিক টন। ৰাইচিনা পাহাৰৰ পৰা ইণ্ডিয়া গেটৰ মাজভাগলৈ যোৱাৰ পথত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা ২৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো দেখা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply