নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। বাকী থকা ৪টা পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কঁকালত টঙালী বান্ধিছে ৰাজনৈতিক দলসমূহে। তাৰ মাজতে মঙলবাৰে ৰাজ্যখনৰ বহৰাইজত এক জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
জনসভাখনত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে- বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে এক প্ৰকাৰৰ অস্থিৰ পৰিৱেশ-পৰিস্থিতি সৃষ্টি হৈছে। সেয়েহে ভাৰত শক্তিশালী হ’ব লাগিব।
লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়- ভাৰতে অধিক শক্তিশালী হোৱাটো কেৱল দেশৰ বাবেই নহয় সমগ্ৰ মানৱীয়তাৰ বাবে প্ৰয়োজনীয়। আপোনালোকৰ প্ৰতিটো ভোটেই ভাৰতক শক্তিশালী কৰিব। আপোনালোকে বিদ্যালয় আৰু থানাতেই কৰ্তব্য পালনত হেমাহী কৰা শিক্ষক বা আৰক্ষী নিবিচাৰে। সেয়েহে উত্তৰপ্ৰদেশ তথা সমগ্ৰ দেশৰ দায়িত্ব শক্তিশালী কান্ধৰ ওপৰতে দিব লাগিব। গতিকে পৰিয়ালকেন্দ্ৰিক সকলক এইবাৰ শাসনৰ পৰা দূৰতেই ৰাখিব লাগিব।