নিউজ ডেস্ক – প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে বাংলাদেশৰ হিন্দু জনতাৰো আন ধৰ্মৰ জনসাধাৰণৰ দৰেই অধিকাৰ আছে। জন্মাষ্টমী উপলক্ষে বৃহস্পতিবাৰে তেওঁ এইদৰে কয়। দুৰ্গাপূজাৰ সময়ত ঢাকাত হোৱা মণ্ডপৰ কথা উল্লেখ কৰি তেওঁ কয় যে পশ্চিমবংগতকৈ ইয়াত মণ্ডপ বেছি।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী হাছিনাই হিন্দু সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছিল। অন্য ধৰ্মত বিশ্বাসীসকলে নিজকে সংখ্যালঘু বুলি নাভাবিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী হাছিনাই কয় যে ধৰ্ম নিৰ্বিশেষে দেশত বাস কৰা প্ৰতিজন মানুহৰ সমান অধিকাৰ আছে। উল্লেখযোগ্য যে বাংলাদেশ মুছলমান সংখ্যাগৰিষ্ঠ দেশ।

বৃহস্পতিবাৰে হিন্দু নেতাসকলৰ সৈতে বাৰ্তালাপ কৰা হাছিনাই কয় যে সম্প্ৰদায়টোৰ দেশত থকাৰ দৰেএকে অধিকাৰ আছে, তেওঁ লগতে কয় যে দুৰ্গা পূজা উৎসৱৰ সময়ত ঢাকাত মণ্ডপৰ সংখ্যা পশ্চিম বংগতকৈ বহু বেছি।

ঢাকা ট্ৰিবিউন কাকতে প্ৰধানমন্ত্ৰীৰ উদ্ধৃতি দি কৈছে- ‘আমি বিচাৰো সকলো ধৰ্মৰ লোকে সমান অধিকাৰৰে জীয়াই থকাটো। আপোনালোক এই দেশৰ নাগৰিক। ইয়াত আপোনা লোকৰ সমান অধিকাৰ আছে। মই যি অধিকাৰ পাইছো, আলোনালোকেও তাকেই পাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply