নিউজ ডেস্ক: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ফোনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ সৈতে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ চুমিত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক তাৰ পৰা নিৰাপদে উলিয়াই অনাক সম্পৰ্কে আলোচনা কৰে।

উল্লেখযোগ্য যে চুমিত বৰ্তমান প্ৰায় ৭০০ ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। চৰকাৰী সূত্ৰই জনোৱা মতে প্ৰধান মন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ একাংশ অঞ্চলত ৰাছিয়াই ঘোষণা কৰা যুদ্ধবিৰতি আৰু হিউমেনিটেৰিয়ান কৰিডৰ নিৰ্মাণ কৰাৰ সিদ্ধান্তক আদৰণি জনায়।

প্ৰায় ৫০ মিনিট ধৰি চলা আলোচনাত মোদীয়ে পুতিনক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে পোনপটীয়া আলোচনাত বহিবলৈ আহ্বান জনোৱাৰ লগতে দেশ দুখনৰ মাজত বৰ্তমান চলি থকা পৰিস্থিতি সম্পৰ্কে বুজ লয়।

১১ দিন পূৰ্বে আৰম্ভ হোৱা ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইয়া তৃতীয়টো টেলিফোনিক বাৰ্তালাপ।

পুতিনৰ সৈতে হোৱা আলোচনাৰ পূৰ্বে সোমবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে প্ৰায় ৩৫ মিনিটৰ বাবে টেলিফোনিক বাৰ্তালাপ কৰিছিল।

লগতে পঢ়ক – পৰীক্ষাত নকল ৰোধৰ বাবেই ইন্টাৰনেট বন্ধ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply