ফটোৰ উৎস ইন্টাৰনেট

নিউজ ডেস্ক: দেওবাৰে বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰৰ কনভয়ত আক্ৰমণ চলোৱাৰ অভিযোগত আৰক্ষীয়ে আজি ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িত আন ২৩ জনক চিনাক্ত কৰা হৈছে বুলি জানিবলৈ শীঘ্ৰে তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ’ব বুলি কয়।

উল্লেখযোগ্য যে যোৱা দেওবাৰে পাটনাৰ গৌৰীচক আৰক্ষী থানাৰ অন্তৰ্গত ছোগহি গাঁৱৰ মাজেৰে যোৱা পাটনা-গয়া পথত নীতিশ কুমাৰৰ কনভয়ত শিলগুটি নিক্ষেপৰ ফলত কেইবাখনো বাহনৰ গ্লাছ ভাঙিছিল। অৱশ্যে সেই সময়ত নীতিশ কুমাৰ কনভয়ত নাছিল।

ঘটনা অনুসৰি যোৱা ৭ আগষ্টৰ পৰা সন্ধানহীন এজন যুৱকৰ মৃতদেহ দেওবাৰে উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোৰ লোকসকলে ক্ষুব্ধ হৈ পাটনা-গয়া পথত পথ অৱৰোধ কৰি প্ৰতিবাদ কৰিছিল।

সেই সময়তে মুখ্য মন্ত্ৰীৰ কনভয় উক্ত স্থানৰ মাজেৰে প্ৰৱেশ কৰাত একাংশ উত্তেজিত লোকে কনভয়ৰ ওপৰত শিলগুটি নিক্ষেপ কৰে।

লগতে পঢ়ক – অসম-অৰুণাচলৰ সীমা বিষয়ক আঞ্চলিক সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply