নিউজ ডেস্কঃ গুজৰাটৰ ছুৰটত এখন বিদ্যালয়ত হিজাব পৰিধান কৰা কেইগৰাকী মান ছাত্ৰীক বিদ্যালয়ত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হয়। এই ঘটনাৰ পাছতে বিশ্ব হিন্দু পৰিষদৰ ১২জন সদস্যক আটক কৰে আৰক্ষীয়ে।
কপৌদৰা আৰক্ষী থানাৰ এগৰাকী বিষয়াই কয় যে- বিশ্ব হিন্দু পৰিষদৰ সদস্য কেইজনক বিদ্যালয় চৌহদৰ পৰা আটক কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ কেইজনমান সদস্য বিদ্যালয়ত হিজাব পৰিধান কৰি যোৱাত ছাত্ৰী কেইগৰাকীক বাধা দিয়াৰ উদ্দেশ্যেৰে তাত উপস্থিত হয়।
আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয়- হিজাব পৰিধান কৰি অহা ছাত্ৰী কেইগৰাকী আচলতে এই বিদ্যালয়খনৰ নহয়। তেওঁলোকে এক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈহে বিদ্যালয়খনলৈ আহিছিল। বিশ্ব হিন্দু পৰিষদৰ সদস্য কেইজনে ছাত্ৰী কেইগৰাকীক বাধা দিয়াৰ পাছত বিদ্যালয়খনৰ অধ্যক্ষই আৰক্ষীক খবৰ দিয়া আৰু তাৰপাছতে আৰক্ষীয়ে উপস্থিত হৈ তেওঁলোকক আটক কৰে।