নিউজ ডেস্কঃ দেশ কপাঁই যোৱা ২৬/১১ কাণ্ডৰ পুনৰাবৃত্তি হ’ব নেকি ? মুম্বাই আৰক্ষীলৈ অচিনাক্ত নম্বৰৰ পৰা ভাবুকি ভৰা ফোন। বোমা বিস্ফোৰণৰ বিষয়ে এজন অচিনাক্ত ব্যক্তিৰ পৰা ফোন পোৱাৰ পিছতে সমগ্ৰ মুম্বাই চহৰজুৰি নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি, বুধবাৰে মুম্বাই আৰক্ষীৰ ১১২ নম্বৰলৈ এজন অচিনাক্ত ব্যক্তিয়ে ফোন কৰি জনাইছিল যে মুম্বাইৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত বোমা ৰখা হৈছে। ব্যক্তিজনে কৈছিল যে আন্ধেৰীৰ ইনফিনিটি মল, জুহুৰ পিভিআৰ মল আৰু চাহাৰা হোটেলত তিনিটাকৈ বোমা ৰখা হৈছে। যিকোনো মুহূৰ্ততে বোমা বিস্ফোৰণ হ’ব পাৰে।  এই কথা কৈয়েই  তেওঁ ফোনটো সংযোগ বিচ্ছিন্ন কৰে ।

আৰক্ষীয়ে লগে লগে আন্ধেৰী আৰু জুহুৰ কিছু অঞ্চল ঘেৰাও কৰি লয় বোমা উদ্ধাৰ কৰিবলৈ বোমা বিশেষজ্ঞৰ দল অঞ্চলটোলৈ প্ৰেৰণ কৰিছে। 

অচিনাক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে।

উল্লেখ্য যে, ২০০৮ চনৰ ২৬ নৱেম্বৰত সন্ত্ৰাসবাদীৰ এটা দলে মুম্বাই চহৰত প্ৰৱেশ কৰি চহৰখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত বোমা স্থাপন কৰিছিল। বোমা বিস্ফোৰণৰ ফলত ১০০ তকৈও অধিক নাগৰিক নিহত হৈছিল। ইয়াৰ পিছত, সন্ত্ৰাসবাদীসকলে মুম্বাইৰ তাজহোটেলত আক্ৰমণ চলাইছিল। উগ্ৰপন্থীয়ে চহৰখনৰ চিকিৎসালয়, ৰেষ্টুৰেণ্ট আৰু ৰেল ষ্টেচনতো আক্ৰমণ কৰিছিল। 

সেই ঘটনাৰ পিছৰে পৰা, বছৰটোৰ এই সময়ছোৱাত সমগ্ৰ মুম্বাইতে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হয়। বুধবাৰে আৰক্ষীলৈ অহা এই ভাবুকি ভৰা ফোনকলৰ পাছতেই আৰক্ষী-প্ৰশাসনে বাণিজ্যিক চহৰখনত নিৰাপত্তা বৃদ্ধি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply