নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ গাজিয়াবাদ চহৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ভিডিঅ’টোত হিজাব পৰিধান কৰা কেইগৰাকী মান মহিলাৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, হিজাব বিবাদক লৈ প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়ত এই মহিলা কেইগৰাকীৰ ওপৰত লাঠীচালনা কৰে আৰক্ষীয়ে।
অভিযোগ মতে, প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়চোৱাত হিজাব পৰিধান কৰা মহিলা প্ৰতিবাদকাৰীসকলে প্ৰথমে আৰক্ষীৰে তৰ্ক-বিতৰ্ক আৰু পাছত আৰক্ষীক গতিয়ায়। প্ৰতিবাদকাৰীসকলে এনে কৰাৰ পাছতে তেওঁলোকৰ ওপৰত লাঠীচালনা কৰে আৰক্ষীয়ে।
উল্লেখ্য যে, কৰ্ণাটকৰ হিজাব বিবাদক লৈ দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মুছলমান মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। জানিব পৰা মতে, ভাইৰেল হোৱা এই ভিডিঅ’টো ১৩ ফেব্ৰুৱাৰী, ২০২২ৰ।
প্ৰায় ২০-২৫ গৰাকী মহিলা আৰু পুৰুষে হিজাব পৰিধান কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। আৰু তাৰপাছতে সংঘটিত হয় এই ঘটনা। ইতিমধ্যে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।