নিউজ ডেস্ক: দূৰদৰ্শনৰ জনপ্ৰিয় বাতৰি উপস্থাপক গীতাঞ্জলি আইয়াৰৰ ৭ জুন তাৰিখে দেহাৱসান ঘটে। দেশৰ ইংৰাজী বাতৰি উপস্থাপকসকলৰ ভিতৰত অন্যতম আছিল গীতাঞ্জলী আইয়াৰ।
তিনিটা দশক ধৰি গীতাঞ্জলি আইয়াৰে দূৰদৰ্শনত ইংৰাজী বাতৰি পৰিৱেশন কৰিছিল।
১৯৭১ চনত দূৰদৰ্শনত কৰ্মজীৱন আৰম্ভ কৰিছিল গীতাঞ্জলি আইয়াৰে। তিনি দশকযোৰা কৰ্মজীৱনত তেওঁ চাৰিবাৰকৈ শ্ৰেষ্ঠ এংকৰৰ সন্মান লাভ কৰিছিল।
এইগৰাকী জেষ্ঠ্য সাংবাদিকৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ দেশত।