নিউজ ডেস্কঃ দেশত ভয়াবহ ৰূপত সংক্ৰমিত হৈছে কৰোনা ভাইৰাছ।

কৰোনা ভাইৰাছৰ ভয়াবহতাৰ বাবে পিছুৱাই দিয়া হৈছে JEEৰ মেইন পৰীক্ষা।

অহা ২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হোৱাৰ কথা আছিল JEEৰ মেইন পৰীক্ষা।

National Testing Agencyএ প্ৰাৰ্থীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এপ্ৰিলৰ JEE পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে।

আনহাতে, শিক্ষাৰ্থীসকলক পৰীক্ষা অনুষ্ঠিত হোৱাৰ ১৫ দিন পূৰ্বে নতুন তাৰিখৰ বিষয়ে অৱগত কৰা হ’ব বুলিও ঘোষণা কৰা হৈছে।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে টুইটাৰত JEE মেইন পৰীক্ষা স্থগিত ৰখাৰ কথা নিশ্চিত কৰি কয় যে, বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত National Testing Agencyক ২০২১ৰ এপ্ৰিল অধিৱেশন স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হয়।

লগতে, শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতৰ সুৰক্ষাক লৈ শিক্ষা মন্ত্ৰালয় দায়বদ্ধ বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply