নিউজ ডেস্কঃ ছণ্ডীগড়ৰ বিভিন্ন স্থানত নাই বিদ্যুৎ। ৩৬ ঘন্টাৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজে বিদ্যুৎ অবিহনে কটাবলগীয়া হ’ল এই সময়। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে তিনিদিনীয়াকৈ ধৰ্ণা কাৰ্যসূচী হাতত লোৱাৰ পাছতে সংঘটিত হয় এই ঘটনা। যাৰ ফলত বহু সমস্যাৰ সন্মুখীন হয় ৰাইজ। বিজুলী অবিহনে ৰাইজে পানীৰ সমস্যাৰো সন্মুখীন হৈছে।
সোমবাৰৰ সন্ধিয়াৰে পৰা বিজুলী আৰু পানীৰ অভাৱত ভূগিছে ৰাইজ। কেৱল সেয়ে নহয় বহু চহৰ আৰু এলেকাৰ ট্ৰেফিক লাইট পৰ্যন্ত বিকল হৈ পৰি আছে। তদুপৰি একাংশ চৰকাৰী চিকিৎলায়ত বিজুলী নোহোৱাৰ বাবে ৰোগীৰ অস্ত্ৰোপচাৰো স্থগিত ৰখা হৈছে।
ইফালে, ছণ্ডীগড় স্বাস্থ্য বিভাগৰ নিৰ্দেশক ডাঃ সুমন সিংহই সাংবাদিকক কয় যে- আমাৰ জেনেৰেটৰ আছে। কিন্তু কেৱল এটা জেনেৰেটৰে এখন চিকিৎসালয়ৰ বিজুলীৰ অভাৱ সম্পূৰ্ণৰূপে পূৰণ কৰিব নোৱাৰে। আমি বহু ৰোগীৰ অস্ত্ৰোপচাৰ পিচুৱাব অথবা স্থগিত ৰাখিবলগীয়া হৈছে।
উল্লেখযোগ্য যে, বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে বিজুলী বিতৰণ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আৰু ইয়াৰ পাছতে এতিয়া ৰাজ্যখনৰ ৰাইজৰ মাজত এনেদৰে হাঁহাকাৰ পৰিৱেশ সৃষ্টি হৈছে।