নিউজ ডেস্ক : কৰ’ণাত আক্রান্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কৰ’ণাত আক্রান্ত হোৱাৰ কথা প্ৰকাশ কৰিলে টুইট যোগে। বৰ্তমান হোম কোৱাৰেণ্টাইনত থকা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলক কভিড পৰীক্ষা কৰাৰ আহ্বান জনাইছে।
কৰ’ণা মহামাৰীয়ে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে দেশজুৰি। ভাৰতত কৰ’ণাৰ দ্বিতীয়টো ঢৌ অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। দেশৰ কেইবাখনো ৰাজ্যত প্ৰতিদিনে হাজাৰ হাজাৰ লোক কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে বহু লোক।
আৰু পঢ়কঃৰাজ্যত ক’ভিডৰ ভয়াৱহতা, ৪জনৰ মৃত্যু, ৫৭৩ জন আক্ৰান্ত
এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে টুইট যোগে তেওঁ কৰ’ণাত আক্রান্ত হোৱা বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে টুইট যোগে জানিবলৈ দিয়ে যে বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ হৈ আছে।
নিজ বাসগৃহত হোম কোৱাৰেণ্টাইন হৈ থকা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলক কভিড পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ কৰ’ণাত আক্রান্ত হৈছিল।