নিউজ ডেস্কঃ পুনৰ গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব প্ৰমোদ সাৱন্তে। প্ৰমোদ সাৱন্তৰ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ পাছত ঘোষণা কৰা হৈছে। সাৱন্তে একেৰাহে দুবাৰকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।
উক্ত বৈঠকখনত বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তোমৰ, এল মুৰুগন আৰু গোৱাৰ নিৰ্বাচনী প্ৰভাৰী দেবেন্দ্ৰ ফড়ণাৱীজ উপস্থিত থাকে। তিনিওগৰাকী নেতাই বিধায়কসকলৰ সৈতে মিলিত হয়। বিধায়কসকলে সাৱন্তক মুখ্যমন্ত্ৰী পদৰ বাবে বিশ্বাসযোগ্য প্ৰাৰ্থী বুলি কয়।
ইয়াৰ পূৰ্বে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই কৈছিল যে- গোৱাৰ নতুন মুখ্যমন্ত্ৰীৰ বাবে সাৱন্তৰ উপৰিও বিজেপি বিধায়ক বিশ্বজিত ৰাণে আৰু ৰাজেন্দ্ৰ অৰ্লেকৰৰ নামো চৰ্চা কৰি থকা হৈছে। উল্লেখ্য যে, ২০২২ৰ গোৱা বিধানসভা নিৰ্বাচনত ৪০খন আসনৰ ভিতৰত ২০খন আসনতে জয়ী হয় বিজেপি।