নিউজ ডেস্কঃ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰা প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাৰ যি প্ৰস্তাৱ দিয়া হৈছিল এই প্ৰস্তাৱত গ্ৰহণ নকৰাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

প্ৰশান্ত কিশোৰে কয় যে- ‘দলটোক নেতৃত্ব দিব পৰা লোকৰ প্ৰয়োজন আছে আৰু সমস্যাসমূহ সমাধান কৰাৰ বাবে সামুহিক ইচ্ছাশক্তিৰ প্ৰয়োজন। উল্লেখ্য যে, কংগ্ৰেছে দলটোত যোগদান কৰাৰ বাবে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰা প্ৰশান্ত কিশোৰক প্ৰস্তাৱ দিছিল। কিন্তু এই প্ৰস্তাৱ গ্ৰহণ নকৰে প্ৰশান্ত কিশোৰে।

প্ৰশান্ত কিশোৰে টুইটাৰত লিখিছে- ‘মই কংগ্ৰেছৰ এমপাৱাৰ্ড একশ্যন গ্ৰুপত যোগদানৰ প্ৰস্তাৱ নাকচ কৰিছো।’ উল্লেখ্য যে, ২০২৪ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। আৰু দেশজুৰি কংগ্ৰেছ যি স্থানত আছে তাৰ পৰা উন্নত স্থানলৈ কংগ্ৰেছক আগবঢ়াই নিয়াৰ আশাৰে যে দলটোৱে প্ৰশান্ত কিশোৰক যোগদান কৰাৰ বাবে প্ৰস্তাৱ দিছিল সেয়া স্পষ্ট।

প্ৰশান্ত কিশোৰৰ কংগ্ৰেছত যোগদান কৰাৰ সিদ্ধান্ত এনে সময়ত সন্মুখলৈ আহিছে, যি সময়ত কংগ্ৰেছে তেওঁক এক ছিনিয়ৰ ৰেংক অৰ্থাৎ উচ্চস্তৰীয় পদৰ দায়িত্ব প্ৰদান কৰিছিল আৰু কংগ্ৰেছৰ এমপাৱাৰ্ড একশ্যন গ্ৰুপৰ অংশ হ’বলৈ প্ৰস্তাৱ দিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply