নিউজ ডেস্কঃ ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুত দেওবাৰে ভাৰতত ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছিল। ৰাণীৰ মৃত্যুৰ পিছত চাৰ্লছ তৃতীয়ই আনুষ্ঠানিকভাৱে ৰজাৰ দায়িত্ব গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ভাৰত চৰকাৰৰ হৈ ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ লণ্ডনলৈ যাব। ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী ১৭ছেপ্তেম্বৰৰ পৰা ১৯ছেপ্টেম্বৰলৈকে লণ্ডনত থাকিব।

ৰাণী দ্বিতীয় এলিজাবেথে ৭০ বছৰ শাসন কৰাৰ পিছত ৮ ছেপ্টেম্বৰত স্কটলেণ্ডৰ বালম’ৰেল কেচেলত ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। ৰাণী এলিজাবেথ ব্ৰিটেইনৰ সকলো ৰাজ্যৰ মুৰব্বী আছিল আৰু কমনৱেলথ দেশসমূহৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়া ১৯ ছেপ্টেম্বৰত ৱেষ্টমেইষ্টাৰ এবেত অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুত শোক প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাৰত চৰকাৰৰ হৈ ৰাণীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ১২ ছেপ্টেম্বৰত নতুন দিল্লীত ব্ৰিটিছ হাই কমিছন পৰিদৰ্শন কৰিছিল। ১১ ছেপ্টেম্বৰত ভাৰতত ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছিল।

ৰাণী দ্বিতীয় এলিজাবেথৰ ৭০ বছৰীয়া শাসনকালত ব্ৰিটেইন আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হয়। ৰাণীৰ মৃত্যুৰ পিছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কমনৱেলথ দেশসমূহৰ মুৰব্বী হিচাপে ব্ৰিটেইনৰ ৰাণীয়ে জনসাধাৰণৰ কল্যাণত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেৱল ভাৰতেই নহয়, ৰাণীৰ মৃত্যুৰ পিছত বিশ্বৰ সৰ্ববৃহৎ দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলে শোক প্ৰকাশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্সকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply