আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান আৰু ভাৰতৰ অজিত ডোভালৰ মাজত হোৱা ফোন কলৰ পিছতেই আমেৰিকাই ভাৰতক ক’ভিডৰ সংহাৰৰ সময়ত সহায় কৰাৰ কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি জ’ বাইডেনে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত ভাৰতক বৰ্তমানৰ জৰুৰীকালীন সময়ত সহায় আগবঢ়োৱাৰ লগতে ভেকচিন ভাৰতীয় নিৰ্মাতাক কেঁচা সামগ্ৰী প্ৰদান কৰিব বুলি কাম কৰি থকা বুলি কোৱা হৈছে।

ইয়াৰ পূৰ্বে ক’ৰোনাৰ দ্বিতীয় জোৱাৰে ভাৰতত সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবে ক’ৰোনাৰ প্রতিষেধক প্রস্তুত কৰিবলৈ ভাৰতক প্রয়োজনীয় কেঁচা সামগ্রী আমেৰিকাই দিবলৈ সদ্যহতে ইচ্ছা প্ৰকাশ কৰা নাছিল মাৰ্কিন প্ৰশাসনে ৷

বাইডেন প্রশাসনে ক’ৰোনা প্রতিষেধক প্রস্তুতৰ বাবে প্রয়োজনীয় কেঁচা সামগ্রী ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞাহে জাৰি কৰিছিল ৷ বাইডেন প্রশাসনৰ এনে কার্যৰ বিপৰীতে ইউএছ চেম্বার্ছ অৱ কমার্চে ভাৰতলৈ প্রতিষেধক তথা কেঁচা সামগ্রী প্রেৰণ কৰাৰ আর্জি জনাইছে৷

চেম্বার্ছ অৱ কমার্চৰ কার্যবাহী উপাধ্যক্ষ মাইৰন ব্রিলিয়েণ্টে কয়– আমেৰিকাৰ ওচৰত পর্যাপ্ত প্রতিষেধক মজুত আছে৷ এই মুহূর্তত আমেৰিকাত যি ধৰণে প্রতিষেধক উৎপাদন কৰি থকা হৈছে, তাৰ দ্বাৰাই মজুত থকা প্রতিষেধকক বাদ দিলেও জুন মাহৰ ভিতৰত প্রতিজন নাগৰিকক প্রতিষেধক প্রদান কৰিব পৰা যাব৷ সেয়েহে ভাৰত, ব্রাজিলৰ দৰে দেশলৈ প্রয়োজনীয় প্রতিষেধক ৰপ্তানি কৰা উচিত৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply