নিত্য ব্যবহাৰ কৰা সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদেৰে আগৰতলা চহৰ কঁপালে বিৰোধী দল চি পি আই এমে। চি পি আই এমৰ ৰাজ্যিক কমিটিৰ সদস্য তথা জ্যেষ্ঠ নেতা পবিত্ৰ কৰে কেন্দ্ৰীয় চৰকাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি অভাৱনীয়ভাৱে মূল্যবৃদ্ধি ঘটাইছে তাৰেই বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে বাওঁপন্থী দলটোৱে।
বিগত ১২ দিনত চৰকাৰে ১১ বাৰকৈ পেট্ৰ’ল ডিজেলৰ মূল্য বৃ্দ্ধি কৰিছে । ৰন্ধন গেছৰো অভাৱনীয় ভাবে মূল্যবৃদ্ধি হৈছে।
চিপিএমৰ জ্যেষ্ঠ নেতা পবিত্ৰ কৰে ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত কয়, ত্ৰিপুৰাত পাইপলাইনেৰে যোগান ধৰা গেছৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ কিন্তু এই গেছ ত্ৰিপুৰাৰ ভূ-গৰ্ভৰ পৰাই আহৰণ কৰা হয় ৷
তেও বিজেপি চৰকাৰখন জনতাক হত্যা কৰিব খোজা চৰকাৰ আখ্যা দিয়ে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো পৰিকল্পনাই জনসাধাৰণৰ পৰিপন্থী বুলি উল্লেখ কৰি নিয়োগ প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নিছে বুলি মন্তব্য কৰে৷