নিউজ ডেস্কঃ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টিৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে ৬৫১ বিধ আৱশ্যকীয় ঔষধৰ মূল্য হ্ৰাস কৰিবলৈ বাধ্য হ’ল।

বিগত সময়ছোৱাত জীৱনদায়িনী ঔষধৰ মূল্য অত্যধিক হাৰত বৃদ্ধি পোৱাত জনসাধাৰণৰ ব্যাপক প্রতিক্রিয়া তথা ক্ষোভৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। দেশজুৰি জনসাধাৰণৰ এনে ক্ষোভৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে সেও মানি অৱশেষত নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৬৫১ বিধ আৱশ্যকীয় ঔষধৰ মূল্য ৬.৭৩ শতাংশ হ্রাস কৰিছে।

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিয়ন্ত্রক সংস্থাই টুইট কৰি কয় যে, চৰকাৰে ৮৭০ বিধ সূচীভুক্ত ঔষধ ভিতৰত ৬৫১ বিধৰ চিলিং নিৰিখ ধাৰ্য কৰিছে।

উল্লেখযোগ্য যে, ২০২২ চনৰ ছেপ্টেম্বৰত কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আৱশ্যকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকাখন সংশোধন কৰিছিল। সেই তালিকাতেই মুঠ ৮৭০ বিধ ঔষধ অন্তর্ভুক্ত কৰা হয়।

নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটি অব্ ইণ্ডিয়া প্ৰকাশ কৰা তথ্য অনুসৰি, ৬৫১ বিধ ঔষধৰ চিলিং নিৰিখ নিৰ্ধাৰণৰ পিচত সামগ্রিকভাৱে ১৬.৬২ শতাংশ দৰ নিম্নগামী হয়।

কেন্দ্ৰীয় চৰকাৰৰ সংস্থা এন পি পি এই ঔষধ (মূল্য নিয়ন্ত্রণ) নির্দেশ ২০১৩ ৰ অধীনত আৱশ্যকীয় ঔষধৰ চিলিং নিৰিখ নিৰ্ধাৰণ কৰে।

উল্লেখযোগ্য যে, ২৫ মাৰ্চত এন পি পি এয়ে প্ৰকাশ কৰা অনুসৰি ২০২২ বৰ্ষৰ বাবে ঔষধৰ পাইকাৰী মূল্য সূচাংক ১২ শতাংশ বৃদ্ধি হৈছিল। যাৰ ফলতেই দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টিৰ আৰম্ভণি হৈছিল। এতিয়া এই মূল্য হ্ৰাসৰ পিছতেই পেৰাছিটামল, মেটফ’ৰমিন আৰু গ্লিমপিৰিট আদি ঔষধৰ কিছু সহজলভ্য হ’ব বুলি প্ৰকাশ কৰা হৈছে।

লগতে পঢ়ক – মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত অসম-অৰুণাচল সীমা সমস্যা সমাধানক লৈ বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply