ক’ভিড বিধি নমনা ব্যক্তিৰ ওপৰত আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা যায় যদিও এখন দেশৰ খোদ প্ৰধানমন্ত্ৰীক জৰিমনা বিহাৰ কথা ভাবিব পাৰিনে?
বিশ্বাস কৰিবলৈ টান যেন লাগিলেও ক’ভিড নিয়ম উলংঘা কৰাৰ অপৰাধত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীকে জৰিমনা বিহিলে নৰৱেৰ আৰক্ষীয়ে।
শুকুৰবাৰে নৰৱেৰ আৰক্ষীয়ে প্ৰধানমন্ত্ৰী এৰনা ছোলবাৰ্গক ক’ভিড বিধি উলংঘা কৰাৰ বাবে জৰিমনা বিহে।
ছোলবাৰ্গে ভৰিব লগা জৰিমনাৰ পৰিমাণ হৈছে ২০ হাজাৰ নৰৱেজিয়ান ক্ৰাউন বা ২হাজাৰ ৩৫২ মাৰ্কিন ডলাৰ। ভাৰতৰ হিচাপত ১,৭৫,৯২২ টকা।
বাতৰি অনুসৰি ফেব্ৰুৱাৰি মাহৰ শেষৰ ফালে ছোলবাৰ্গে নিজৰ ৬০ সংখ্যক জন্মদিন উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰিছিল য’ত পৰিয়ালৰ ১৩ গৰাকী সদস্য উপস্থিত আছিল।
উল্লেখযোগ্য যে এক চৰকাৰী নিৰ্দেশনা অনুসৰি দেশখনত ১০ গৰাকীতকৈ অধিক লোক একগোট হোৱাত নিষেধাজ্ঞা আৰোপ কৰা আছে।
দেশখনৰ আৰক্ষী প্ৰধান অ’লে ছেভাৰুদে জনোৱা মতে প্ৰধানমন্ত্ৰী ছোলবাৰ্গ আৰু তেওঁৰ স্বামী চিণ্ড্ৰে ফিনে’চে নিষেধাজ্ঞা থকা সত্ত্বেও এখন বিলাসী ৰেষ্টোৰাঁত উক্ত পাৰ্টিৰ আয়োজন কৰিছিল।
উক্ত পাৰ্টিৰ বাবে প্ৰধানমন্ত্ৰী ছোলবাৰ্গে ক্ষমা বিচাৰিছিল যদিও সামাজিক বাধা নিষেধৰ ক্ষেত্ৰত জনসাধাৰণৰ আস্থা অটুট ৰখাৰ স্বাৰ্থত উক্ত পদক্ষেপ গ্ৰহণ কৰা হয় বুলি আৰক্ষী প্ৰধান গৰাকীয়ে লগতে জানিবলৈ দিয়ে।
অৱশ্যে এই সম্পৰ্কত বাতৰি লিখা সময়লৈকে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ পৰা কোনো মন্তব্য প্ৰকাশ কৰা নাই।