নিউজ ডেস্ক : বিগত এবছৰ ধৰি চলাই যোৱা আন্দোলনৰ ফল লাভ কৰিলে দেশৰ কৃষক সকল। অৱশেষত জয় হ’ল দেশৰ কৃষক সকলক। তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিলে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি এক বৃহৎ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰি তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ বৃহৎ ঘোষণা কৰে। মোদী চৰকাৰে যোৱা বছৰ তিনিখন নতুন কৃষি আইন বলবৎ কৰিছিল। দেশৰ কৃষক সকলে মোদী চৰকাৰৰ এই তিনিখন কৃষি আইনক কৃষক বিৰোধী আখ্যা দি প্ৰতিবাদ সাব্যস্ত কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে “কৃষকসকলৰ অৱস্থা উন্নত কৰাৰ বাবেহে তিনিখন কৃষি আইন অনা হৈছিল। উদ্দেশ্য আছিল ক্ষুদ্ৰ কৃষকসকলক অধিক শক্তি প্ৰদান কৰা আৰু উৎপাদিত সামগ্ৰীৰ বাবে সঠিক মূল্য প্ৰাপ্ত কৰা। বছৰ বছৰ ধৰি, এই দাবীবোৰ দেশৰ কৃষি বিশেষজ্ঞ, সংগঠন আৰু বিজ্ঞানীসকলে কৰিছিল। বহুতো চৰকাৰে আগতে মনস্থ কৰিছিল কিন্তু কাৰ্যকৰী কৰিব পৰা নাছিল।কিন্তু কৃষক অসন্তুষ্ট হলে ইয়াক আমি ঘূৰাই লম।”
বিগত এবছৰ ধৰি দেশৰ কৃষক সকলে এই তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে। কৃষি আইনকলৈ মোদী চৰকাৰ আৰু দেশৰ কৃষক সকলৰ মাজত যুঁজখন বিগত এবছৰ ধৰি চলাৰ পিছত অৱশেষত মোদী চৰকাৰে কৃষক সকলৰ ওচৰত পৰাজিত হয়।
উল্লেখ্য যে শেহতীয়া কৈ দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনত বিজেপিৰ ফলাফল অতিকৈ নিৰাশজনক আছিল। অসমৰ বাহিৰে সকলো ৰাজ্যতে বিজেপিয়ে পৰাজয়ৰ মুখ দেখিব লগীয়া হয়। দেশৰ কৃষক সকল বিজেপিৰ বিৰুদ্ধে যোৱাৰ বাবেই উপ-নিৰ্বাচনত বিজেপিয়ে বেয়া ফলাফল লাভ কৰে বুলি দেশত চৰ্চা আৰম্ভ হয়।
লগতে পঢ়ক : ৫০ বছৰীয়া জন্মদিনত অনুৰাগীলৈ কি উপহাৰ আগবঢ়ালে জুবিন গাৰ্গে?
অহা বছৰ পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশ কৃষি প্ৰধান ৰাজ্য আৰু এই দুখন ৰাজ্যত যাতে বিজেপিয়ে মুখ ঠেকেচা খাব লগীয়া নহয় ইয়াৰ বাবেই কৃষি আইন পত্যাহৰ কৰাৰ সিদ্ধান্ত লৈছে বুকিও এতিয়া চৰ্চা আৰম্ভ হৈছে।