নিউজ ডেস্কঃ ইউক্ৰেইনৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে দেশখনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কি (Volodymyr Zelensky)-ৰ সৈতে এক টেলিফ’নিক বাৰ্তালাপ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
আজি প্ৰায় ৩৫ মিনিট ধৰি চলা উক্ত আলোচনাত দুয়োগৰাকী নেতাৰ মাজত দেশখনত বৰ্তমান অব্যাহত থকা পৰিস্থিতিৰ বিভিন্ন দিশ লৈ আলোচনা কৰা হয়।
ভাৰত চৰকাৰৰ সূত্ৰই জনোৱা মতে প্ৰধান মন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ চৰকাৰে দেশখনৰ পৰা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ জনায় আৰু বৰ্তমান ইউক্ৰেইনৰ চুমিত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰত ইউক্ৰেইন চৰকাৰৰ পৰা সহায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।
ইয়াৰ উপৰি উক্ত আলোচনাত দুয়োগৰাকী নেতাৰ মাজত ৰাছিয়া আৰু ইউক্ৰেইনৰ বৰ্তমান অব্যাহত থকা বিভিন্ন দিশসমূহেও স্থান পায়। জানিব পৰা মতে প্ৰধান মন্ত্ৰী মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা পোনপটীয়া আলোচনাক আদৰণি জনাইছে।
উল্লেখযোগ্য যে যুদ্ধ আৰম্ভ হোৱাৰ পিছত মোদীয়ে দ্বিতীয়বাৰৰ বাবে জেলেনস্কিৰ সৈতে কথা পাতিব। ২৬ ফেব্ৰুৱাৰীত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সৰ্বাধিক যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে জেলেনস্কিৰ সৈতে কথা পাতিছিল।
লগতে পঢ়ক – উত্তৰ প্ৰদেশত আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচন