দেশজুৰী ভয়ংকৰ ৰূপ ধাৰণ কৰা ক’ভিড মহামাৰীয়ে কাঢ়ি নিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এগৰাকী আত্মীয়ৰ প্ৰাণ।
মঙলবাৰে সন্ধিয়া গুজৰাটৰ আহমেদাবাদৰ নিউ ৰনিপ অঞ্চলত বাস কৰা প্ৰধানমন্ত্ৰীৰ খুৰীয়েক নৰ্মদা বেনৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে প্ৰথমৱস্থাত ঘৰতে পৰিয়ালৰ লোকৰ মাজত থাকি তেওঁক চোৱাচিতা কৰি থকা হৈছিল যদিও পিছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক স্থানীয় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
‘ক’ভিডত আক্ৰান্ত হৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ১০ মানৰ পূৰ্বে আমাৰ খুৰী নৰ্মদা বেনক ইয়াৰে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল,‘ প্ৰধানমন্ত্ৰীৰ সৰু ভাতৃ প্ৰহ্লাদ মোদীয়ে কয়।
উল্লেখযোগ্য যে মঙলবাৰৰ দিনটোত দেশত ৩,৬০,৯৬০ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰে আৰু ৩,২৯৩ গৰাকী ক’ভিডত আক্ৰান্ত লোকৰ মৃত্যু ঘটে।