নিউজ ডেস্কঃ ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ স্বামী ৰাজকুমাৰ ফিলিপৰ শুকুৰবাৰে দেহাৱসান হয়। বাৰ্ধক্যজনিত কাৰণত মৃত্যু বৰণ কৰে ৰাজকুমাৰ ফিলিপে।


হাৰ্টৰ অস্ট্ৰোপ্ৰচাৰৰ হোৱাৰ পিছত অসুস্থ হৈ পৰা ৰাজকুমাৰ ফিলিপ দীৰ্ঘদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল।


দুমাহৰ পিছতেই তেওঁ সম্পূৰ্ণ ১০০বছৰ কৰিব।


সুস্থ হৈ ঘৰলৈ উভতাৰ পিছত ১০০বছৰীয়া জন্মদিনৰ আয়োজনৰ বাবে বিশেষ যোজা চলাইছিল পৰিয়ালৰ লোকে।

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি ৰাজকুমাৰ ফিলিপে উইণ্ডচৰ দুৰ্গত শেষ নিশ্বাস ত্যাগ কৰে।

দ্বিতীয় বিশ্ব যুদ্ধৰ পিছতে ফিলিপে ব্ৰিটেইনৰ ৰাজকুমাৰী এলিজাবেথক বিয়া কৰাইছিল আৰু ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ এগৰাকী সদস্য হৈ পৰিছিল।


ৰাজকুমাৰ ফিলিপৰ মৃত্যুত বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ নেতাসকলে গভীৰ শোক ব্যক্ত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply