নিউজ ডেস্কঃ ৰাজকুমাৰী ডায়েনায়ে ব্যৱহাৰ কৰা ফৰ্ড এছকৰ্ট গাড়ীখন প্ৰায় ৭ কোটি টকাত বিক্ৰী কৰা হৈছে। ব্ৰিটেইনৰ প্ৰাক্তন ৰাজকুমাৰী ডায়েনাৰ মৃত্যু বাৰ্ষিকীৰ কেইদিনমান আগতে হোৱা এই নিলামে প্ৰমাণ কৰিছে যে মৃত্যুৰ ২৫ বছৰ পিছতো ডায়েনাৰ জনপ্ৰিয়তা হ্ৰাস হোৱা নাই।

এই ফৰ্ড গাড়ীখন ডায়েনাৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছিল। নিলাম সংস্থাই জনোৱা মতে, ডায়েনাই কোৱাৰ দৰে গাড়ীখন ক’লা ৰং কৰা হৈছিল। এই মডেলটোৰ আন কোনো গাড়ী ক’লা নহয়।

ৰাজকুমাৰী ডায়েনা প্ৰায় ২৫ বছৰ আগতে এটা পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল। কিন্তু তাৰ আগতে, ৱেলছৰ ৰাজকুমাৰী ডায়েনাই ১৯৮৫ চনৰ আগষ্ট মাহৰ পৰা প্ৰায় তিনি বছৰৰ বাবে ক’লা ফৰ্ড এছকৰ্ট আৰএছ টাৰ্বো ব্যৱহাৰ কৰিছিল। ডায়েনাই এই গাড়ীখন যথেষ্ঠ ভাল পাইছিল।

সাধাৰণতে ৰাজপৰিয়ালে Rolls-Royces আৰু Daimlers গাড়ী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে, ৰাজকুমাৰী ডায়েনাই এই গাড়ীখন ব্যৱহাৰ কৰিছিল। ফৰ্ডে ৰাজকুমাৰীৰ পছন্দ অনুসৰি এই গাড়ীখন নিৰ্মাণ কৰিছিল। এই নীলা ষ্ট্ৰাইপ গাড়ীখন বজাৰ, ৰেষ্টুৰেণ্টকে ধৰি বিভিন্ন ঠাইলৈ যোৱাৰ বাবে ডায়েনাৰ ভ্ৰমণৰ সঙ্গী আছিল। ডায়েনাই  Chelsea আৰু Kensingtonত গাড়ীখনৰ সৈতে ফটো তুলিছিল। ৰাজকুমাৰীগৰাকীয়ে এই গাড়ীখন প্ৰায়েই নিজেই চলাইছিল। ডায়েনাৰ ব্যৱহৃত গাড়ীখন তেওঁৰ মৃত্যুৰ ২৫ তম বাৰ্ষিকীৰ আগতে বিক্ৰী কৰা হৈছে। এজন ব্ৰিটিছ কোটিপতিয়ে এই গাড়ীখন ক্ৰয় কৰে।

ইংলেণ্ডৰ Yorkshireত ‘Silverstone’ নামৰ এটা কোম্পানীয়ে এই নিলামৰ আয়োজন কৰিছিল। নিলাম£100,000 আৰম্ভ হয়। ডুবাই, আমেৰিকা আৰু ব্ৰিটেইনৰ বহু লোকৰ বাবে গাড়ীখনৰ মূল্য যথেষ্ট বৃদ্ধি পাইছিল। অৱশেষত উত্তৰ ইংলেণ্ডৰ এল্ডাৰলি এজত এজন গাড়ী সংগ্ৰাহকে ভাৰতীয় মুদ্ৰাত ৭ কোটি ২৯লাখ ২৮৩টকাত গাড়ীখন ক্ৰয় কৰে।

যোৱা বছৰ, ডায়েনাই ব্যৱহাৰ কৰা আন এখন ফৰ্ড এছক’ৰ্ট গাড়ী নিলামৰ বাবে গৈছিল। ১৯৮১ চনত নিৰ্মাণ কৰা ৰূপালী ৰঙৰ গাড়ীখন বাগদানৰ সময়ত প্ৰিন্স চাৰ্লছে ডায়েনাক উপহাৰ দিছিল। অৱশ্যে ইয়াক £৫২,০০০ টকাত (৪৮ লাখ টকা) বিক্ৰী কৰা হৈছিল।

৩১ আগষ্ট, বুধবাৰে ডায়েনাৰ ২৫ তম মৃত্যু বাৰ্ষিকী পালন কৰা হ’ব। উল্লেখ্য যে, ১৯৯৭ চনত পেৰিছত সংঘটিত এক গাড়ী দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল। পিছে ৰাজকুমাৰী গৰাকীৰ মৃত্যুৰ ২৫ বছৰৰ পিছতো তেওঁৰ জনপ্ৰিয়তা হ্ৰাস হোৱা নাই, যিটো শেহতীয়াকৈ অ’টিটি প্লেটফৰ্মত তেওঁৰ ওপৰত নিৰ্মিত ‘দ্য ক্ৰাউন’ নামৰ ৱেব ছিৰিজখনৰ পৰাই স্পষ্ট হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply