নিউজ ডেস্কঃ মাতৃ হ’ল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। নিজৰ ইনষ্টাগ্ৰাম একাউন্টৰ জৰিয়তে প্ৰিয়ংকাই নিজেই এই কথা অৱগত কৰে। প্ৰিয়ংকা চোপ্ৰাই এই তথ্য দিয়াৰ পিছতেই অনুৰাগীসকলে ছ’চিয়েল মিডিয়াৰ যোগেৰে তেওঁক শুভেচ্ছা বাণীৰে উপচাই দিয়ে।

 চাৰোগেচীৰ জৰিয়তে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে সন্তান লাভ কৰা বুলি সদৰী কৰিছে।

অভিনেত্ৰী গৰাকীয়ে পোষ্টটোত লিখিছে, “আমি অত্যন্ত সুখী যে আমি এটি শিশুক চাৰোগেচীৰ জৰিয়তে আদৰণি জনাইছো। আমি এই বিশেষ সময়ত সন্মানসহকাৰে গোপনীয়তা ৰক্ষাৰ বাবে অনুৰোধ কৰিছো কিয়নো আমি আমাৰ পৰিয়ালৰ ওপৰত গুৰুত্ব দিব পাৰোঁ। বহুত ধন্যবাদ। ”

অনুৰাগীসকলৰ লগতে লাৰা দত্ত, হুমা কুৰেছি, পূজা হেগড়েকে ধৰি বলীউডৰ তাৰকাসকলে অভিনেত্ৰীগৰাকীক এই সুখবৰৰ বাবে তেওঁক অভিনন্দন জনাইছে।

প্ৰিয়ংকাই এগৰাকী মাতৃ হ’বলৈ পাই যথেষ্ট সুখী বুলি উল্লেখ কৰিছে। পিছে সন্তানটি কন্যা নে পুত্ৰ সন্তান এই সন্দৰ্ভত তেওঁ একো প্ৰকাশ কৰা নাই ।

উল্লেখ্য যে, ২০১৮চনত নিক জোনাছৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল প্ৰিয়ংকা চোপ্ৰা। বিবাহৰ পাছত প্ৰিয়ংকা চোপ্ৰাই নিকৰ সৈতে বেছিভাগ সময়ত আমেৰিকাতে কটাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply