নিউজ ডেস্ক : পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত কলিকতা বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে।

শনিবাৰে ৰাজ্যখনৰ আৰক্ষীয়ে এই কথা সদৰী কৰে।

গোচৰ ৰুজু হোৱা প্ৰবক্তাজনক কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক অৰিন্দম ভট্টচাৰ্য্য বুলি চিনাক্ত কৰা হৈছে।

তামাল দত্ত নামৰ এজন পি এইচ ডি গৱেষকৰ এজাহাৰৰ ভিত্তিত অধ্যাপকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় বুইি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ভট্টচাৰ্য্যৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৫ (১বি), ৫০৬ আৰু ১২০ বিৰ অধীনত গোচৰ ৰুজু কৰা হয় বুলি এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনায়। অৱশ্যে, অধ্যাপকজনক এই পৰ্য্যন্ত আৰক্ষীৰ জিম্মাত লোৱা হোৱা নাই বুলি বিষয়া গৰাকীয়ে লগতে জনায়।

ইপিনে অভিযুক্ত অধ্যাপক গৰাকীক যোগাযোগ কৰাত তেওঁ কয়, ‘মই মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাই। এজাহাৰ দিয়াজন তৃণমূল কংগ্ৰেছৰ সমৰ্থক। মই আৰক্ষীৰ তদন্তৰ বাবে অপেক্ষা কৰি আছো আৰু তাৰ পিছতহে মই আইনী ব্যৱস্থাৰ সহায় ল’ম।’

আনহাতে, তৃণমূল কংগ্ৰেছৰ প্ৰভাৱ থকা পশ্চিমবংগ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় অধ্যাপক সংস্থাই ভট্টচাৰ্য্যই সামাজিক মাধ্যমত দিয়া প’ষ্টটোক গৰিহণা জনাইছে।

উল্লেখযোগ্য যে ২০১২ চনত মমতা বেনাৰ্জীক ব্যংগ কৰি অঁকা এটা কাৰ্টুন সামাজিক মাধ্যমত ফৰৱাৰ্ড কৰাৰ বাবে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অম্বিকেশ মহাপাত্ৰ নামৰ অধ্যাপক গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক : মিজোৰামত পানীৰ টেংকিত শ্বাসাৱৰোধ হৈ ৪ জন ব্যক্তিৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply