অৰুণাচলত আকৌ চীনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী।চীন সীমান্তত প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই অৰুণাচলৰ দুটা সংগঠনে হাতত ল’লে এই প্ৰতিবাদী কাৰ্যসূচী।


প্ৰতিবাদকাৰী সকলে চীনৰ হাতত বন্দী হৈ থকা টাপোৰ পুলমক উদ্ধাৰৰ বাবে দাবী জনাই। ব্যক্তি গৰাকীক শীঘ্ৰেই মুক্তি দিবলৈ দাবী জনাই ভাৰত চৰকাৰৰ লগতে অৰুণাচল চৰকাৰকো এই ক্ষেত্ৰত ব্যবস্থা ল’বলৈ প্ৰতিবাদকাৰী সকলে দাবী জনাই।


২০১৫ চনতে PLA-ই বন্দী কৰি নিছিল টাপোৰ পুলম নামৰ যুৱকজনক। সীমান্তত চিকাৰ কৰি থাকোতেই বন্দী কৰিছিল চীনা সেনাই। বিগত ৭ বছৰে বন্দী টাপোৰ পুলমক চমজাই দিয়া নাই চীনে।

শেহতীয়াকৈ মিৰম টাৰণক চমজাই দিয়াৰ পিছত গুৰুত্ব পাইছে পুলিমৰ মুক্তিৰ প্ৰসংগক লৈ ৰাজ্য খনত অধিক তৎপৰ হৈছে বিভিন্ন দল সংগঠন।

লগতে পঢ়ক- ভাৰতীয় মহিলা দলে লাভ কৰিলে বিশ্ব ৰেচ ৱাকিং দলীয় চেম্পিয়নশ্বিপত পদক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply