নিউজ ডেস্কঃ স্বামীৰ পদাংক অনুসৰণ কৰি পত্নীৰ সেনাবাহিনীত যোগদান।
শনিবাৰে পুলৱামাত শ্বহীদ হোৱা মেজৰ বিভূতি শংকৰ ধণ্ডিয়ালৰ পত্নী নিকিতা কৌলে সেনাত যোগদান কৰে।
প্ৰথমবাৰৰ বাবে যেতিয়া তেওঁ সেনাৰ ইউনিফৰ্ম পৰিধান কৰে তেওঁৰ বাবে এই দিনটো এক গৌৰৱৰ মুহূৰ্ত।
২০১৮ চনত জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত মেজৰ বিভূতি শংকৰ ধণ্ডিয়াল শ্বহীদ হৈছিল।
ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ ত্যাগৰ বাবে তেওঁক মৰণোত্তৰভাৱে শৌৰ্য চক্ৰ বঁটা প্ৰদান কৰা হয়।
আজি তেওঁৰ পত্নী নিকিতা কৌলে ভাৰতীয় সেনাৰ পদবীত যোগদান কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সেনাৰ নৰ্ডাৰ্ণ কমাণ্ডৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৱাই কে যোশীয়ে তামিলনাডুৰ চেন্নাইৰ ট্ৰেইনিং একাডেমীত তেওঁৰ কান্ধত ষ্টাৰ লগায়। এইটো সঁচাকৈয়ে এটা গৌৰৱৰ মুহূৰ্ত আছিল ।
উধমপুৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জনসম্পৰ্ক বিষয়াই (পিআৰঅ’) অফিচিয়েল টুইটাৰ হেণ্ডেলত অনুষ্ঠানটোৰ এটা চমু ভিডিঅ’ শ্বেয়াৰ কৰিছে।
এই টুইটৰ পিছতে বহুলোকে সেনা আৰু শ্বহীদ সেনা জোৱানজনৰ পত্নীক প্ৰশংসা কৰিছে।
মেজৰ বিভূতি শংকৰ ধণ্ডিয়ালে তেওঁৰ মৃত্যুৰ মাত্ৰ ৯ মাহ পূৰ্বে নিকিতা কৌলৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ।
স্বামীৰ মৃত্যুৰ ৬মাহৰ পিছত ২৭ বছৰীয়া নিকিতাই এছ.এছ.চি. প্ৰপত্ৰ পূৰণ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁ এছ.এছ.চি.পৰীক্ষাত উত্তীৰ্ণ হয়। নিকিতাই এছএছবি সাক্ষাৎকাৰতো উত্তীৰ্ণ হৈছিল।
চেন্নাইৰ অফিচাৰ ট্ৰেইনিং একাডেমীত (ওটিএ) প্ৰশিক্ষণ লৈ ২৯ মে,২০২১ তাৰিখে নিকিতা কৌল ধণ্ডিয়ালে লেফটেনেণ্ট হিচাপে আনুষ্ঠানিকভাৱে ভাৰতীয় সেনাত যোগদান কৰে।
আৰু পঢ়কঃপুনৰ স্বাস্থ্যৰ অৱনতি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ