নিউজ ডেস্কঃ সাৱধান! গুগল প্লে ষ্ট’ৰৰ পৰা যিকোনো এপ ডাউনলড কৰাৰ আগতে সাৱধান হ’ব। কাৰণ আপুনিও চাইবাৰ অপৰাধীৰ টাৰ্গেট হ’ব পাৰে।

আজিকালি গুগল প্লে ষ্ট’ৰত উপলব্ধ কিছুমান loan appৰ সহায়ত সহজতে ঋণ ল’ব পাৰে। এই এপৰ জৰিয়তে ৫০০ টকাৰ পৰা ৭০০০টকালৈকে ঋণ ল’ব পাৰে।এনে বিজ্ঞাপন দেখি, বহুলোকে এই এপ্পবোৰ ম’বাইল ইনষ্টল কৰে। কিন্তু এপ্পটো ডাউনলোড কৰাৰ পিছত, প্ৰৱঞ্চকসকলে ম’বাইলৰ পৰা গ্ৰাহকৰ ছবি, ফোন নম্বৰ আৰু অন্যান্য তথ্য সংগ্ৰহ কৰে। যাৰ ফলত চাইবাৰ অপৰাধীৰ বলী হ’ব লগা হৈছে বহুলোক। একাংশ চাইবাৰ অপৰাধীয়ে ধন দাবী কৰি গ্ৰাহকৰ ফটো বিকৃত কৰি প্ৰচাৰ কৰা হ’ব বুলি নানা ধৰণৰ ভাবুকি প্ৰদান কৰে।

এনে ১১জন চাইবাৰ অপৰাধী জালত পৰিল পুণে আৰক্ষীৰ । শনিবাৰে পুণে আৰক্ষীৰ চাইবাৰ অপৰাধ বিভাগে বেংগালুৰুৰ এটা কল চেণ্টাৰত অভিযান চলাই বেংগালুৰুৰ ১১ জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা ৪৮ টা ম’বাইল ফোন, কম্পিউটাৰ আৰু নগদ ৭০ লাখ টকা ,আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে।

যোৱা দুবছৰত পুণে আৰক্ষী থানাত এনে কল চেণ্টাৰৰ বিৰুদ্ধে প্ৰায় ৫,০০০ অভিযোগ দাখিল কৰা হৈছে। এতিয়ালৈকে, এই অভিযোগবোৰৰ ভিত্তিত সমগ্ৰ দেশত মুঠ ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply