নিউজ ডেস্কঃ পঞ্জাৱত চৰকাৰ গঠনৰ দিশে আম আদমি পাৰ্টী। ৰাজ্যখনত কংগ্ৰেছ চৰকাৰক আঁতৰাই এইবাৰৰ বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে আপ। ৰাজ্যখনত আপৰ উত্থান এনেদৰে হোৱাৰ পাছত দলটোৰ কৰ্মকৰ্তাসকলৰ মাজত দেখা পোৱা গৈছে উচাহৰ ঢল।
ইফালে, আম আদমি পাৰ্টীৰ পঞ্জাৱৰ প্ৰভাৰী জৰনেল সিঙে ‘এই জয় এক ডাঙৰ দায়িত্ব’ বুলি উল্লেখ কৰি কয়- ‘অৰবিন্দ কেজৰিৱাল, ভগৱন্ত সিং মান আৰু সমগ্ৰ আপৰ কৰ্মকৰ্তাসকলৰ তৰফৰ পৰা পঞ্জাৱৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। এইবাৰ এটা সুযোগ কেজৰিৱালক বুলি যি শ্লোগান দিয়া হ’ল, সেয়া আম আদমি পাৰ্টীয়ে দিয়া নাই, ৰাজ্যবাসীয়ে নিজেই দিছে। ৰাইজৰ মাজত আলোচনা হৈছিল যে, বহুত দেখিলো কংগ্ৰেছক, বহুত দেখিলো আকালী দল, এইবাৰ আম আদমি পাৰ্টীক আৰু অৰবিন্দ কেজৰিৱালক সুযোগ দিয়া হ’ব।’
জৰনেল সিঙে সাংবাদিকৰ আগত লগতে কয় যে- ‘যিমান বৃহৎ জয়, সিমানেই ডাঙৰ দায়িত্ব। চমুকৈ ক’বলৈ গ’লে- পঞ্জাৱৰ ৰাইজে এইবাৰ নিৰ্বাচনত কৰা ভোটক লৈ যাতে সঁচা অৰ্থত সুখী হয় আৰু আপে দিয়া সকলো প্ৰতিশ্ৰুতি ৫ বছৰত সম্পূৰ্ণ কৰি যাতে আমিও ক’ব পাৰো যে আমাৰ কাম আপোনালোকে ভাল পাইছেনে বুলি তেনেকৈ কাম কৰি যাম।’
আপৰ পঞ্জাৱৰ প্ৰভাৰী গৰাকীক সাংবাদিক প্ৰশ্ন কৰে যে- যেনেকৈ এতিয়া আপোনালোকক ৰাজ্যবাসীয়ে আদৰি লৈছে, তেনেকৈ কাম নকৰিলে আপক সমালোচনা কৰিব। এই সন্দৰ্ভত কি ক’ব? এই প্ৰশ্নৰ উত্তৰত জৰনেল সিঙে কয়- ‘মাননীয় অৰবিন্দ কেজৰিৱালে যিবোৰ প্ৰতিশ্ৰুতি দিছে, সেইবোৰ সম্পূৰ্ণ হোমৱৰ্ক কৰি দিয়া হৈছে। যেনেকৈ দিল্লীত চৰকাৰী বিদ্যালয় ব্যক্তিগত বিদ্যালয়ৰ তুলনাত বহু উন্নত, দিল্লীবাসীৰ বিজুলীৰ বিল শূন্য কৰোৱা হৈছে, এনেকুৱা হ’ব পাৰে বুলি কোনেও ভবা নাছিল। গতিকে ইয়াতকৈও অধিক কাম কৰাৰ থল আছে পঞ্জাৱত।’