নিউজ ডেস্ক: অৰুণাচল প্ৰদেশত লাইন অৱ একচুৱেল কন্ট্ৰল (LAC)-ত কৰ্তব্যৰত সময়ত মৃত্যুক সাবটি লোৱা সুবেদাৰ হৰদীপ সিঙৰ পৰিয়াললৈ ১ কোটি টকাৰ ex gratia আৰু পৰিয়ালৰ এগৰাকী সদস্যৰ এটা চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব।
দেওবাৰে পঞ্জাব চৰকাৰে এই ঘোষণা কৰে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কৰ্তব্যৰত সময়ত চহীদ হৈছিল।
১৫ নং পঞ্জাব ৰেজিমেন্টৰ সুবেদাৰ সিঙৰ নশ্বৰ দেহ পঞ্জাবৰ হোশ্বিয়াৰপুৰ জিলাৰ তেওঁৰ গাঁৱলৈ আনি সম্পূৰ্ণ সামৰিক মৰ্যদাৰে অন্তিম শ্ৰদ্ধা জনোৱা হয়।
মৃত্যুৰ সময়ত সেনা বিষয়াজনে তেওঁৰ পত্নী, এগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ যায়।
পঞ্জাবৰ মুখ্য মন্ত্ৰী ভাগৱত মনে সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়ালৰ লোকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
লগতে পঢ়ক – অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰীঃ গুৱাহাটীৰ একাংশ অঞ্চলত জাৰি ১৪৪ ধাৰা