নিউজ ডেস্কঃ পঞ্জাৱত আম আদমি পাৰ্টীয়ে চৰকাৰ গঠন কৰাৰ পাছত আজি ১০ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত আৰু মুখ্যমন্ত্ৰী ভগৱন্ত মান।

পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীকে ইতিমধ্যে টুইটযোগে এই মন্ত্ৰী কেইগৰাকীৰ বিষয়া অৱগত কৰিছে। জানিব পৰা মতে, ১০ গৰাকী মন্ত্ৰীৰ ভিতৰত ৫ গৰাকী মালৱা, চাৰিগৰাকী মাঝা আৰু এগৰাকী দৌৱাবাৰ। ইয়াৰে এগৰাকী মহিলা মন্ত্ৰী।

ইয়াৰ পূৰ্বে আপৰ চৰকাৰ গঠন হোৱাৰ পাছত পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ভগৱন্ত মানে শ্বহীদ ভগত সিঙৰ গাঁও খটকড় কঁলাত শপতগ্ৰহণ লৈছিল। উল্লেখ্যে যে, এই ১০ গৰাকী শপতগ্ৰহণ কৰা মন্ত্ৰীৰ ভিতৰত আছে দিড়বাৰ বিধায়ক হৰপাল সিং সীমা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply