নিউজ ডেস্কঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে দলীয় বিধায়ক সকলৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ২৫ হাজাৰ পদত চাকৰি প্ৰদানৰ বাবে মঞ্জুৰি দিয়ে।
ভগৱন্ত মানে কয়- ‘এই চাকৰি সমূহত নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি বা অনিয়ম নহ’ব। কোনো ব্যক্তিৰ আৱেদন বা কাৰো পৰা উৎকোচ লোৱা নহ’ব।’
ইফালে, আজিৰ বৈঠকত পঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিধায়কসকলক কয়- ‘বহু লোকে এই চাকৰি সমূহৰ বাবে আপোনালোকৰ সৈতে যোগাযোগ কৰিব। কিন্তু আম আদমি পাৰ্টীত দুৰ্নীতি-অনিয়মৰ কোনো স্থান নাই।’