পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে ভগৱন্ত মানে শপত গ্ৰহণ কৰাৰ আগতেই ভিআইপি সংস্কৃতিৰ বিৰুদ্ধে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰাক্তন মন্ত্ৰী, বিধায়ক আৰু ভিআইপিৰ নিৰাপত্তাৰ বাবে নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষী ঘূৰাই লোৱাৰ কথা ঘোষণা কৰিছে ।

মুখ্যমন্ত্ৰী মানে কয় যে ভিআইপিৰ নিৰাপত্তাৰ বাবে আৰক্ষী থানাত সাধাৰণ জনতাৰ নিৰাপত্তাৰ বাবে মানুহৰ অভাৱ হৈ পৰিছে । পঞ্জাৱত ভিআইপি- ভিভিআইপিৰ ৰাজ এতিয়াৰে পৰা নচলিব । ৰাজ্যখনৰ এনে ১২২ গৰাকী ভিআইপি- ভিভিআইপিৰ তালিকা প্ৰকাশ কৰি সেইসকলৰ নিৰাপত্তাৰক্ষী ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হৈছে ।

ইয়াৰ ভিতৰত পূৰ্বৰ পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নৱজ্যোত সিঙ সিদ্ধুৰ পত্নী তথা প্ৰাক্তন বিধায়িকা নৱজ্যোত কৌৰ, প্ৰাক্তন মন্ত্ৰী মনপ্ৰীত সিং বাদল, পৰগত সিং আদিৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষী বাতিল কৰা হৈছে । কিন্তু প্ৰদেশ কংগ্ৰেছ সভাপতি নৱজ্যোত সিং সিদ্ধু, প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং, বৰ্ষীয়ান নেতা পাঁচবাৰৰ মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল, শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ বাদল আদি নেতাৰ নিৰাপত্তাৰক্ষী বাতিল কৰা নহয় ।

এতিয়া পঞ্জাৱৰ পাছত হিমাচল প্ৰদেশ দখলৰ পৰিকল্পনা কৰিছে আম আদমী পাৰ্টী ( আপ )য়ে । আপৰ জ্যেষ্ঠ নেতা তথা দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে ঘোষণা কৰে যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ অনুষ্ঠিত হ’ব লগা হিমাচল প্ৰদেশৰ ৬৮ খন আসনতে আপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । হিমাচলৰ লগতে গুজৰাট দখলৰো পৰিকল্পনা আছে দলটোৰ । উল্লেখ্য যে পাঞ্জাৱত ১১৭ খনৰ ভিতৰত ৯২ খন আসন দখলেৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় আপ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply