নিউজ ডেস্কঃ পঞ্জাৱৰ ১০ গৰাকী মন্ত্ৰীয়ে আজি শপতগ্ৰহণ কৰে। শনিবাৰে শপতগ্ৰহণৰ পাছত মুখ্যমন্ত্ৰী ভগৱন্ত মানে কেবিনেট মন্ত্ৰীসকলৰ সৈতে প্ৰথমখন বৈঠকত বহে। এই বৈঠকত ২৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰে ১০ হাজাৰ চাকৰি আৰক্ষী বিভাগৰ আৰু বাকী ১৫ হাজাৰ চাকৰি আনবোৰ চৰকাৰী বিভাগৰ হ’ব। এমাহৰ ভিতৰতে এই খালী পদসমূহত নিবনুৱা নিযুক্তি দিয়া হ’ব।

পঞ্জাৱত আম আদমি পাৰ্টীয়ে চৰকাৰ গঠন কৰাৰ পাছত আজি এই ১০ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ লয়। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত আৰু মুখ্যমন্ত্ৰী ভগৱন্ত মান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply