নিউজ ডেস্ক : পঞ্জাব চৰকাৰে বুধবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফিৰোজপুৰ ভ্ৰমণৰ সময়ত দেখা দিয়া নিৰাপত্তাৰ ত্ৰুতিৰ তদন্তৰ বাবে এখন দুজনীয়া উচ্চ পৰ্য্যায়ৰ তদন্ত কমিটি গঠন কৰিছে।

পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) মেহতাব সিং গিল আৰু গৃহ আৰু ন্যায় বিভাগৰ প্ৰধান সচিব অনুৰাগ বাৰ্মাক লৈ এই কমিটি গঠন কৰা হৈছে। এক চৰকাৰী সূত্ৰই জনোৱা মতে উক্ত কমিটিয়ে অহা তিনিদিনৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব।

উল্লেখযোগ্য যে বুধবাৰে প্ৰধান মন্ত্ৰীয়ে মোদীয়ে ফিৰোজপুৰৰ হুছেইনিৱালাত থকা ৰাষ্ট্ৰীয় চহীদ স্মাৰকলৈ গৈ থকা সময়ত একাংশ প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰাৰ ফলত প্ৰায় ২০ মিনিট সময় প্ৰধান মন্ত্ৰী গৰাকী এখন উৰণীয়া সেতুৰ ওপৰত আৱদ্ধ হৈ পৰিছিল।

প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ সময়ত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা মোতায়েন কৰা হোৱা নাছিল বুলি মন্তব্য কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে পঞ্জাব চৰকাৰক বিষয়টো সন্দৰ্ভত শীঘ্ৰে এখন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ সময়ত নিৰাপত্তা ব্যৱস্থাত এনেধৰণৰ গাফিলতি কোনো কাৰণতে গ্ৰণহযোগ্য নহয় আৰু ইয়াৰ তেওঁলোকে ইয়াৰ দায়বদ্ধতা স্বীকাৰ কৰিব লাগিব।

আনহাতে পঞ্জাবৰ মুখ্য মন্ত্ৰী চৰণজিৎ সিঙে চানিয়ে নিৰাপত্তাৰ ক্ষেত্ৰত আসোঁৱাহ থকা তথা ৰাজনৈতিক উদ্দেশ্যে নিহিত থকাৰ কথা অস্বীকাৰ কৰাৰ লগতে তেওঁৰ চৰকাৰ যিকোনো তদন্তৰ বাবে সাজু আছে।

লগতে পঢ়ক – ‘বুল্লি বাই’ এপৰ মূল প্ৰস্তুতকৰ্তাক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply