নিউজ ডেস্কঃ পঞ্জাৱৰ ভগৱন্ত মানৰ চৰকাৰে কৰিছে এক গুৰুত্বপূৰ্ণ ঘোষণা। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মানে কয় যে- ‘আমাৰ চৰকাৰে গ্ৰুপ চি আৰু গ্ৰুপ ডি ৩৫ হাজাৰ অস্থায়ী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।’
মুখ্যমন্ত্ৰী মানে লগতে কয়- ‘পঞ্জাৱত এতিয়াৰ পৰা এটাও কেঁচা মাটিৰ ঘৰ নাথাকে আৰু এজন অস্থায়ী বা ঠিকাভিত্তিক কৰ্মচাৰীও নাথাকে।’
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী মান আৰু মন্ত্ৰীসভাৰ এক বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে, ২৫ হাজাৰ চৰকাৰী পদত নিযুক্তি প্ৰদান কৰা হ’ব। ইয়াৰে ১০ হাজাৰ পঞ্জাৱ আৰক্ষীৰ পদ ভৰ্তি কৰা হ’ব।