অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ দলৰ বিধায়ক নিনং এৰিং সম্পৰ্কে YouTube-ৰ ভিডিঅ’ত বৰ্ণ-বৈষম্যমূলক মন্তব্য কৰা পঞ্জাবৰ YouTuber পাৰশ সিঙক ৰাজ্যখনৰ লুধিয়ানা আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।
মঙলবাৰে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী কিৰেণ কিৰেন ৰিজিজুৱেও টুইটাৰ যোগে এই কথা সদৰী কৰে।
‘পঞ্জাব আৰক্ষীয়ে পাৰশ সিঙক নিজৰ জিম্নাত লৈছে। অৰুণাচল প্ৰদেশৰ আৰক্ষী পঞ্জাবলৈ ৰাওনা হৈছে। মই লুধিয়ানাৰ আৰক্ষী আয়ুক্তৰ সৈতে কথা পাতিছো আৰু যুৱজনক অৰুণাচললৈ অনিবৰ বাবে সোনকালে প্ৰয়োজনীয় ন্যায়িক ব্যৱস্থা কৰিবলৈ কৈছো।‘ ৰিজিজুৱে কয়।
বিশেষ অনুসন্ধান গোটৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবিৰ সিঙে জনোৱা মতে অৰুণাচল প্ৰদেশৰ পৰা ৰাওনা হোৱা আৰক্ষীৰ দলটো মঙলবাৰে আবেলিলৈ লুধিয়ানাত উপস্থিত হ’ব।
উল্লেখযোগ্য যে পাৰশ সিং নামৰ যুৱকজনে দেওবাৰে নিজৰ YouTube চেনেল ‘Paras Official’-ত দিয়া এটা ভিডিঅ’ত বিধায়ক নিনং এৰিঙৰ ওপৰত বৰ্ণ-বৈষম্যমূলক মন্তব্য কৰাৰ উপৰি অৰুণাচল প্ৰদেশ চীনৰ অংশ বুলি মন্তব্য কৰিছিল।
যুৱকজনে ভিডিঅ’টো পোষ্ট কৰাৰ পিছতে বহু তাৰকা ব্যক্তিয়ে টুইটৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱকজনৰ মন্তব্যক গৰিহণা জনাইছিল।
লগতে পঢ়ক : ‘দেখাত চাইনিজ’ : বৰ্ণ-বৈষম্যমূলক মন্তব্য কৰি ডাঙৰ বিপদত পঞ্জাবৰ YouTuber