নিউজ ডেস্কঃ পুনৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান পুষ্কৰ সিং ধামীক। বিজেপি হাইকামাণ্ডে পুনৰ পুষ্কৰ সিং ধামীৰ নাম ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ পাছত এই ঘোষণা কৰে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, অহা ২৪ অথবা ২৬ মাৰ্চত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব পুষ্কৰ সিং ধামীয়ে। তেওঁৰ লগতে কেবিনেট মন্ত্ৰীসকলেও শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

যোৱা ১৪ মাৰ্চত উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছিল। আৰু ১০ মাৰ্চত ৪৭ খন আসন লাভেৰে বিজেপি দলটো জয়ী হয়। অৱশ্যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখন কংগ্ৰেছে ১৯খন আসন লাভ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply