নিউজ ডেস্ক: ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ তথা অলিম্পিকত দুবাৰকৈ পদক বিজয়ী পি ভি সিন্ধুৱে সন্মানীয় ছিংগাপুৰ অ’পেনৰ খিতাপ দখল কৰে।
পি ভি সিন্ধুৱে ফাইনেলত চীনৰ ৱাং জি য়িক পৰাস্ত কৰি ছিংগাপুৰ অ’পেনৰ খিতাপ দখল কৰে। চীনৰ প্ৰতিদ্বন্দ্বী গৰাকীক তেওঁ তিনিখন খেলত ২১-৯, ১১-২১, ২১-১৫ ছে’টত পৰাস্ত কৰি জয়লাভ কৰে।
“মোক সমৰ্থন আগবঢ়োৱা সকলোলৈকে ধন্যবাদ। ছিংগাপুৰ এখন ধুনীয়া চহৰ, ইয়াত আহি ভাল লাগে,’’ জয়ৰ পিছতে সিন্ধুৱে এইদৰে কয়।
তেওঁ লগতে কয়, ‘‘বহুদিনৰ পিছত ফাইনেলত জয়ী হৈ সদায় ভাল লাগে। আজি এই খিতাপ মোৰ বাবে এক ডাঙৰ কথা, মোৰ আত্মবিশ্বাস যথেষ্ট বঢ়াৰ লগতে ই নিশ্চয়কৈ মোক আন এটা স্তৰলৈ লৈ যাব।”
‘গোটেই টুৰ্ণামেণ্টখন ভাল হৈছে। এইয়া মাত্ৰ আৰম্ভণিহে, চি ডব্লিউ জিৰ কাৰ নিজকে প্ৰস্তুত কৰি তোলাৰ আগতে মই অলপ জিৰণিৰ প্ৰয়োজন বুলি ভাবো,’’ সিন্ধুৱে লগতে কয়।
ঘণ্টাৰ নিৰ্ধাৰিত দুই মিনিটৰ ভিতৰতে মেচখনত জয়লাভ কৰে সিন্ধুৱে।
এয়া আছিল সিন্ধুৰ বছৰৰ তৃতীয়টো খিতাপ আৰু প্ৰথমখন ছুপাৰ ৫০০ লেভেলৰ বিজয়।
লগতে পঢ়ক – Covid-19 Vaccination: দেশত ২০০ কোটি ভেকচিন প্ৰদান